নাজিৰাত অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে আছুৰ প্ৰতিবাদ

126

দুৰ্নীতিৰ দৰ্পণ , নাজিৰা সেৱা , নয়নমণি ফুকন,  ৩ আগষ্ট :- এহাতে উৎকট গৰমে দহিছে সমগ্ৰ  ৰাজ্য, আনহাতে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ গৈ  লুকাভাকু খেলিব লগা হৈছে বিদ্যুত বিভাগৰ লগত । ইয়াৰ উপৰিও নিৰ্বাচনী সভাত বৰ্তমানৰ ৰাজ্য চৰকাৰে আশ্বাস দিছিল ২৪ঘণ্টাই অসমত উপলব্ধ হ’ব বিদ্যুৎ সেৱা। কিন্তু সেইয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে,   এজাক বতাহ,বৰষুণতেই যেন গড়গাঁৱত অৱস্থিত নাজিৰা বিদ্যুৎ উপসংমণ্ডলে ২৪ঘণ্টাই নিয়মিত ভাৱে বিদ্যুৎ যোগান দিয়াত ব্যৰ্থ হয়।
গড়গাঁৱত অৱস্থিত নাজিৰা বিদ্যুৎ উপসংমণ্ডলৰ নিয়মিতভাৱে বিদ্যুৎ যোগানত ব্যৰ্থতাৰ বাবেই আজি সদৌ শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাৰ আহ্বানত নাজিৰা মহকুমা ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। শক্তি মন্ত্ৰী বিমল বৰা মুৰ্দাবাদ হায় হায়,শক্তি বিভাগ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে গড়গাঁৱত অৱস্থিত নাজিৰাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়।

অন্যহাতে গড়গাঁৱত অৱস্থিত নাজিৰাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাক নিয়মিতভাৱে বিদ্যুৎ যোগান ব্যৰ্থ হোৱা প্ৰশ্ন সাংবাদিকে সোধাত কাৰ্য্যবাহী অভিযন্তাইও সংবাদ মাধ্যমৰ আগত প্ৰদান কৰে দায় হৰা মন্তব্য।উক্ত কাৰ্যসূচীত উপস্থিত সদৌ অসম ছাত্ৰ-সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মানৱ হাজৰিকা, জিলা সমিতিৰ উপ-সভাপতি পৰাগ দত্ত, সহকাৰী সাধাৰন সম্পাদক প্ৰাঞ্জল গগৈ, সাংস্কৃতিক সম্পাদক মানস শইকীয়াৰ, সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি কলিতা প্ৰমুখ্য নাজিৰা মহকুমাৰ সভাপতি দেৱজিৎ গগৈ সাধাৰণ সম্পাদক প্ৰিতম বৰগোহাঁই সহ মহকুমা  সমিতিৰ শ শ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।