পথাৰত অচিনাক্ত কীট পতংগৰ ধ্বংস লীলা , বিমোৰত কৃষক

101

পথাৰত অচিনাক্ত কীট পতংগৰ ধ্বংস লীলা , বিমোৰত কৃষক

দুৰ্নীতিৰ দৰ্পণ সেৱা , নৱজ্যোতি টিপমীয়া , চৰাইদেউ , ৯ আগষ্টঃ ক’ৰোণাৰ বিভিষীকা মাৰ নৌ যাওতেই এইবাৰ চহা গ্ৰাম্যজীৱন আতঙ্কিত হৈ পৰিছে খাদ্য সংকটৰ সম্ভাৱনাত । শ্ৰমজীৱী চহা গাৱলীয়া খেতিয়কসকলে অলেখ হেপাহেৰে গাঠিৰ ধন খৰচ কৰি কপালৰ ঘাম মাটিত পেলাই পথাৰৰ মাটি চহাই বোকা কৰি ধানৰ কঠিয়া ৰুলে । ৰোৱনীয়েও দুগুন হেঁপাহেৰে ৰুৱা কঠীয়াৰ গছাবোৰ ঠন ধৰি উঠাৰ সময়তে চহা গাৱলীয়া খেতিয়কৰ মূৰত মাধমাৰ সোধালে অচিনাক্ত কীট পতঙ্গবোৰৰ আক্ৰমণে । চৰাইদেউ জিলাৰ সাপেখাটি উন্নয়ন খণ্ডৰ অন্তৰ্গত ডাবলুহাবি গাওঁৰ চহা গাৱলীয়া কৃষকৰ আশাৰ সপোনবোৰত মাধমাৰ সোধাই সন্ত্ৰাস চলাই গৈছে কীট পতঙ্গই। কীট পতঙ্গবোৰৰ আক্ৰমণত বিস্তীৰ্ণ খেতিপথাৰবোৰত কৃষকে অলেখ কস্টৰে কৰা ধানখেতিবোৰ ধ্বংস হৈ পৰিছে । দুই তিনিবাৰকৈ বজাৰত উপলব্ধ কেতবোৰ সূফলদায়ক কীটনাশক প্ৰয়োগ কৰিয়ো ৰাইজে কীট পতঙ্গবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি নিৰুপায় হৈ পৰিছে । সমগ্ৰ বিষয়টো বৰহাট কৃষি উন্নয়ন চক্ৰ বিষয়া “ৰুনিমা মিলি”ডাঙৰীয়ানীয়ক জনোৱাত তাৎক্ষণিক পদক্ষেপ লৈ কীটপতঙ্গৰ আক্ৰমণত বিধ্বস্ত খেতিপথাৰসমূহ দৰ্শন কৰাৰ লগতে কৃষকসকলৰ লগত মত বিনিময় কৰি শস্যৰ পথাৰত কীট পতঙ্গসমূহ নিয়ন্ত্ৰণ কিদৰে কৰিব পাৰি , সেই বিষয় লৈ স্থানীয় খেতিয়ক “ভদ্ৰেশ্বৰ সন্দিকৈ” দেৱৰ চোতালতে এখন সজাগতাসভাৰো আয়োজন কৰে । সভাৰ শেষত কৃষি সম্প্ৰসাৰণ সহায়ক “দুলাল গোহাই” ডাঙৰীয়াই চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা কীটনাশক ঔষধসমূহ চহা খেতিয়কসকলক মাজত বিতৰণ কৰে ।