ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী মৰিগাঁও আছুৰ

167

*ছাত্ৰ নেতা অভিনাশ ভূঞাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত মৰিগাঁও আছুৰ তীব্ৰ প্ৰতিবাদ*

ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী মৰিগাঁও আছুৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও,৩০ নবেম্বৰ : ছাত্র নেতা অবিনাশ ভূঞাক কালি যোৰহাটৰ মাজমজিয়াত এচাম বিবেকহীন উন্মাদ লোকে অতি নিৰ্মম ভাবে হত্যা কৰা চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অৱ্যাহত আছে । ৰাজ্য কপাঁই যোৱা অমানৱীয় হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আজি মৰিগাঁও জিলা ছাত্ৰ সন্থাই চহৰখনৰ মাজ মজিয়াত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সম্পাদক ৰূপজ্যোতি মেধিয়ে মানৱ সমাজক লজ্জানত কৰি অতি নিৰ্মমভাৱে হত্যা কৰা শিহৰনকাৰী ঘটনাক তীব্ৰ ভাৱে গৰিহণা দিয়াৰ লগতে অন্য আছু কৰ্মী আৰু সংবাদকৰ্মী দুজনক সেই নৰপিশাচ কেইটাৰ অমানৱীয় অত্যাচাৰৰ বলি হোৱা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে । লগতে মৰিগাঁও আছুৰ নেতৃত্বই অসম চৰকাৰ আৰু অসম আৰক্ষীক দাবী জনাই কয় যে- ২৪ ঘণ্টাৰ ভিতৰত উক্ত জঘন্য হত্যা কাণ্ডৰ লগত জড়িত প্ৰতিটো নৰপিশাচক কৰায়ত্ব কৰি ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰক আৰু দোষীয়ে কোনো কাৰণত যাতে আইনৰ সুৰুঙা লৈ হাত সাৰিব নোৱাৰে , তাৰ ব্যৱস্থা গ্ৰহন কৰক । অন্যথা ছাত্ৰ সন্থাৰ কৰ্মীসকল কোনো কাৰণতে শান্ত নাথাকে । এইদৰে বিপদত পৰা মানুহক সহায়ৰ হাত আগবঢ়াবলৈ গৈ নিজে পাষৱিক হত্যাৰ বলি হ’বলগীয়া হোৱা ঘটনাটো ছাত্ৰ সন্থাৰ কৰ্মীসকলে সহজভাৱে মানি ল’ব পৰা নাই । মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে , অসম চৰকাৰ তথা প্ৰশাসনে উক্ত ঘটনাৰ লগত জড়িত সকলো নৰপিশাচ দানৱৰূপী অপৰাধীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰিগাঁও জিলা ছাত্ৰ সন্থাই দাবী জনাইছে ।