বকোৰ সোণতলীত ছাত্ৰ আজিজুৰ ৰহমানৰ হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ

92

বকোৰ সোণতলীত ছাত্ৰ আজিজুৰ ৰহমানৰ হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ৮ অক্টোবৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত সোণতলীত শ শ ছাত্র- ছাত্ৰীয়ে এক্সেলেন্ট একাডেমীৰ ছাত্র আজিজুৰ ৰহমানৰ হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত সোণতলী আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ। স্কুলীয়া ছাত্ৰৰ আত্মহত্যাৰ ঘটনাক লৈ উত্তপ্ত বকোৰ সোনতলী।ঘটনাৰ পাঁচ দিন পাছতো গ্ৰেপ্তাৰ নহল মূল অভিযুক্তকে ধৰি তিনিজনকৈ অভিযুক্ত।অভিযোগ মতে, যোৱা ৪ অক্টোবৰ তাৰিখে একাংশ দেৱানী মাতাব্বৰৰ মানসিক হেঁচাত আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল সোনতলী Excellent Academy ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা সোনতলী সত্ৰ গাঁৱৰ আব্দুল কুদ্দুচৰ পুত্ৰ আজিজুৰ ৰহমানে।ছাত্ৰ জনক ধৰ্ষণৰ অভিযুক্ত সজাই একেখন গাৱৰে এগৰাকী নাবালিকাৰ পিতৃ পৰিয়ালৰ সহযোগত পাচ লাখ টকা আৰু ১ বিঘা মাটি দাবী কৰিছিল শিক্ষক ৰূপী দেৱানী হাছান মমিনচানে৷তাৰ পাছতে মানসিক হেঁচা সহ্য কৰিব নোৱাৰি ছাত্ৰজনে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ঘটনা সন্দৰ্ভত ইতিমধ্যে বকো আৰক্ষী থানাত হাছান মমিন চান, মাহাম আলী, আছাম উদ্দিন আৰু ফালু মিঞাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে যদিও ফালু মিঞাৰ বাহিৰে আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷যাৰ বাবে ঘটনাৰ অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ দাবীত সোনতলীৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী মুৰ্দাবাদ,অসম আৰক্ষী গো বেক, অপৰাধীক গ্ৰেপ্তাৰ কৰক, আমাক ন্যায় লাগে আদি বিভিন্ন শ্লোগানৰে সোনতলী আৰক্ষী চকী চৌহদ উত্তাল কৰি তোলে।