বাঘবৰৰ আলোপতি আৰু বাঘমাৰাত বান পানীয়ে উঠুৱাই নিলে কালভাৰ্ট ,ব্যহত যাতায়ত ব্যৱস্থা

194

বাঘবৰৰ আলোপতি আৰু বাঘমাৰাত বান পানীয়ে উঠুৱাই নিলে কালভাৰ্ট ,ব্যহত যাতায়ত ব্যৱস্থা

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ৪ চেপ্টেম্বৰঃ সমগ্র ৰাজ্যত অব্যাহত আছে ভদীয়া বানৰ তাণ্ডব । বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী বাঘবৰৰ আলোপতি আৰু বাঘমাৰাত বাঢ়নি পানীয়ে উঠুৱাই নিলে বাঘমাৰা-আলোপতিচৰ সংযোগী পথৰ পকী কালভার্ট । ব্যহত হৈ পৰিছে যাতায়ত ব্যবস্থা । ৰাজ্যুজুৰি অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱ,বাঘবৰ সমষ্টিৰ বাঘমাৰা-আলোপতিচৰ সংযোগী ৰাজপথত বানত ভাঙিল পকী কালভাৰ্ট । আলোপতি-মাজৰচৰ,বাঘমাৰা আৰু চেঙা সমষ্টিৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ কেবা সহস্ৰাধিক বান বিধ্বস্ত লোকলৈ নামিছে যাতায়তৰ আহুকাল । যি স্থানত দলং এখনৰ প্ৰয়োজন,তাত কালভাৰ্ট স্থাপন কৰি ঠিকাদাৰে দ্বায় সৰা বিধৰ কাম কৰাৰ বাবেই এনে হোৱাৰ অনুমান ৰাইজৰ । স্থানীয় বিধায়ক শ্বেৰমান আলীয়ে বানপীড়িত ৰাইজৰ খবৰ নোলোৱাৰ অভিযোগ একাংশ ৰাইজৰ । নিতৌ খেতিৰ পাচলি বজাৰলৈ নি পেটেভাতে চলে চৰাঞ্চলৰ প্ৰায় সমূহ পৰিয়াল,পিছে বানত কালভাৰ্ট ভাঙি যোৱাত হাহাকাৰ লাগিছে অঞ্চলজুৰি । শীঘ্ৰে ভগ্ন কালভাৰ্টৰ মেৰামতি কৰি যাতায়ত সুচল কৰাৰ দাবী জনাইছে বানাক্ৰান্ত ৰাইজে ।