বিদ্যালয় সমূহৰ পৰিচালনা সমিতি ৰাজনৈতিক কৰণ নকৰিবলৈ দাবী মৰিগাঁও যুৱ-ছাত্ৰ পৰিষদৰ

90

বিদ্যালয় সমূহৰ পৰিচালনা সমিতি ৰাজনৈতিক কৰণ নকৰিবলৈ দাবী মৰিগাঁও যুৱ-ছাত্ৰ পৰিষদৰ

অনাগত ভৱিষ্যতে বিদ্যালয়ত পৰিচালনা সমিতিয়ে ৰাজনৈতিক হেচাঁ প্ৰয়োগ কৰিলে উপায়ুক্ত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক সন্মুখীন হ’ব তীব্ৰ আন্দোলনৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৭ অক্টোবৰঃ বিদ্যালয় সমূহৰ পৰিচালনা সমিতি ৰাজনৈতিক কৰণ নকৰিবলৈ দাবী জনায় আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ এটা সজাতি দলে শিক্ষা বিভাগৰ দায়িত্বত থকা জিলা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰিক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । সংগঠনটোৰ জিলা সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত যোৱা সজাতি দলটোৱা স্মাৰক পত্ৰত উল্লেখ কৰে যে , বিদ্যালয় হৈছে এনে এক পৱিত্ৰ অনুষ্ঠান য’ত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সমাজৰ সকলো লোকে সমানে জড়িত হব পাৰে । যাৰ স্থান নামঘৰ , মন্দিৰ , মহজিদ , গীৰ্জাৰ সমপৰ্য্যায়ৰ বুলি বিবেচনা কৰা হয় আৰু ই এনে অনুষ্ঠানসমূহৰ দৰে সম্পূৰ্ণ অৰাজনৈতিক । এনে এক পৱিত্ৰ অনুষ্ঠানৰ পৰা আপোনাৰ লগতে আমিও শিক্ষাৰ অতিপাঠ অধ্যয়ন কৰি এগৰাকী শিক্ষিত যুৱক বা যুৱতী হিচাপে গৌৰম্বিত । কিন্তু বৰ্তমান সময়ত যি মাধ্যমিক বিদ্যালয় সমূহৰ পৰিচালনা সমিতিৰ সভাপতি আৰু উপ-সভাপতি পদ নিয়োগৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে , তাত ৰাজনৈতিক প্ৰভাৱ পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে বিৰোধিতা কৰাৰ লগতে দুখ প্ৰকাশ কৰে । কিয়নো , এনে কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত ঋনাত্মক প্ৰভাৱে দেখা দিব । বিদ্যালয় এখন পৰিচালনাৰ ক্ষেত্ৰত মুলতঃ পৰ্যাপ্ত শিক্ষাক , গ্ৰন্থাগাবিক , চকীদাৰ আদিৰ প্ৰয়োজন । কিন্তু যিখন বিদ্যালয়ত শিক্ষকৰ অভাব সেইখন বিদ্যালয়ত সভাপতি আৰু উপ-সভাপতিৰ অৰ্থহীন । এনে ক্ষেত্ৰত জিলাখনৰ বহু ব্যক্তিগত শিক্ষাখণ্ডৰ বিদ্যালয়ে পৰিচালনা সমিতিত গুৰুত্ব আৰোপ নকৰি অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱাৰ কৌশল প্ৰয়োগে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জিলা খনত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায় কয় যে , বিদ্যালয় সমূহত সভাপতি আৰু উপ-সভাপতি নিয়োগ প্ৰক্ৰিয়াত সম্পূৰ্ণ বিদ্যালয় খনৰ কতৃপক্ষক কতৃত্ব প্ৰদান কৰি অৰাজনৈতিক ব্যক্তিক দায়িত্ব অৰ্পন কৰক । কোনো সভাপতি বা উপ-সভাপতিয়ে অনাগত ভৱিষ্যতৰ দিনত যদি বিদ্যালয়ত ৰাজনৈতিক প্ৰভাৱ দেখাই বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা অধ্যক্ষক দমন কৰিব বিচাৰে , তেন্তে জিলা উপায়ুক্ত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব বুলি সংগঠনটোৱে উল্লেখ কৰে ।