মানকাচৰৰ চিৰাখোৱাত উত্তপ্ত পৰিস্থিতি

79

মানকাচৰৰ চিৰাখোৱাত উত্তপ্ত পৰিস্থিতি

ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান , ১১ ছেপ্তেম্বৰঃ মানকাচাৰ জিলাৰ ৯৮ নং অংগন বাদী কেন্দ্ৰত শিশুসকলৰ পুষ্টিকৰ খাদ্য বিতৰণ নকৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰায় এবছৰ পূৰ্বে সমাজ কল্যাণ বিভাগে যোগান ধৰা শিশু সকলৰ পোছাক বিতৰণ নকৰি কালি নিশাৰ অন্ধকাৰত কেইজনমান শিশুক বিতৰণ কৰিছিল অংগনাৱাদী কেন্দ্ৰৰ সহায়িকা জৰিনা খাতুনে । জৰিনা খাতুনে বহু দিনৰ পৰাই ৯৮ নং কেন্দ্ৰটোত লুণ্ঠনৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি , জৰিনা খাতুনৰ স্বামী সাহা আলমৰ নেতৃত্বত চলিছে এই লুণ্ঠনৰাজ ৷ আজি স্থানীয় শতাধিক ৰাইজে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদ কৰাত সাহা আলমৰ লগত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় । চিৰাখোৱা কুটিৰঘাটত থকা ৯৮ নং কেন্দ্ৰটোৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয় ৷