লক্ষীপুৰত বন্যহস্তীৰ গচকত প্ৰাণ গল আৰু এগৰাকী বাইক আৰোহীৰ

104

লক্ষীপুৰত বন্যহস্তীৰ গচকত প্ৰাণ গল আৰু এগৰাকী বাইক আৰোহীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুৰ ৰহিম মণ্ডল , চুনাৰী , ২৮ ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰত বন্যহস্তীৰ জাঁকে যোৱা ২৭ তাৰিখ সোমবাৰে দুপৰীয়া প্ৰায় ১ বজাত প্ৰাণ ললে এগৰাকী বাইক আৰোহীৰ । পথৰ নলাত অৰ্ধ উলংগ অৱস্থাত পেলাই থলে বাইক আৰোহীৰ মৃত দেহটো । লক্ষীপুৰৰ পৰা এগৰাকী ব্যাক্তিয়ে ML 08E 2269 নম্বৰৰ বাইক এখনেৰে টিক্ৰিকিল্লালৈ গৈ আছিল । শুৱৰকোণা নামৰ ঠাইৰ বনাঞ্চল খন পোৱাৰ লগে লগে বন্যহস্তীৰ জাঁক এটাই ব্যাক্তি জনক আগুৰি ধৰে । ভয়ত কম্পমান নিৰীহ ব্যাক্তি জনক বন্যহস্তীৰ জাঁক টোৱে নিৰ্মম ভাবে গচকি মাৰে । আৰু মৃতদেহটো পথৰ কাষৰ নলা এটাত অৰ্ধ উলংগ অৱস্থাত পেলাই থৈ যায় । বন্যহস্তীৰ জাঁকটোৱে কিছু দিন পূৰ্বে ছোটশিগৰীত বিনয় চন্দ্ৰ দাস নামৰ বাইক আৰোহী এগৰাকীক বন্যহস্তীয়ে ভৰিৰে গচকি প্ৰাণ লৈছিল । আজি বন্যহস্তীয়ে গচকি প্ৰাণ লোৱা বাইক আৰোহীৰ বাইক খনৰ নম্বৰ অনুসৰি তেওক ফুলবাৰীৰ নিকুল চন্দ্ৰ দাস বুলি জনা গৈছে । বন্যহস্তীয়ে অঞ্চল টোত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে বহু সা-সম্পত্তি বিনষ্ট কৰে । আজি প্ৰাণ লোৱা ব্যাক্তি জনকে ধৰি অঞ্চলটোত দহ গৰাকীকৈ ব্যাক্তিৰ প্ৰাণ কাঢ়ি ললে বন্যহস্তীয়ে । ইতিমধ্যেই অঞ্চলটোৰ বহু কেইটা দল সংগঠনে বন্যহস্তীৰ জাঁক টোক লক্ষীপুৰ বনাঞ্চলৰ পৰা মেঘালয় লৈ অথবা চিৰিয়াখানা লৈ পঠিয়াই দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ।