শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰৰ দাবীত মাণিকপুৰত প্ৰতিবাদ বীৰ লাচিত সেনাৰ , অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰতো সৰৱ মাণিকপুৰ আঞ্চলিক বীৰ লাচিত সেনা

420

শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰৰ দাবীত মাণিকপুৰত প্ৰতিবাদ বীৰ লাচিত সেনাৰ , অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰতো সৰৱ মাণিকপুৰ আঞ্চলিক বীৰ লাচিত সেনা

দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাণিকপুৰ , ৪ ছেপ্টেম্বৰঃ সম্প্ৰতি বীৰ লাচিত সেনা অসম আৰু বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংঘাতে ৰাজ্য উত্তাল হৈ থকা সময়তে শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত বঙাইগাঁও জিলাৰ মাণিকপুৰত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চলিক সমিতিয়ে । প্ৰতিবাদকাৰী সকলে অসম বিৰোধী প্ৰদীপ দত্ত ৰায় মুৰ্দাবাদ , অসম বিৰোধী শ্যামল সৰকাৰ মুৰ্দাবাদ,বীৰ লাচিত সেনা জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে । আনহাতে , সংগঠনটোৱে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো সৰৱ হৈ পৰে । বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চলিকৰ বিষয় ববীয়া আৰু সদস্য সকলে মানিকপুৰ ছেন্ট্ৰেল বেংকত উপস্থিত হৈ বিষয়া কৰ্মচাৰীসকলৰ অনা-অসমীয়া ভাষা ব্যৱহাৰৰ বিৰোধীতা কৰে । বেংকৰ গ্ৰাহক সকলৰ সুবিধাৰ্থে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সংগঠনটোৱে দাবী জনায় ।