স্বাধীনোত্তৰ সত্তৰ বছৰ পিছতো বিদ্যুতৰ সংযোগ নাই বি টি চিৰ তেৰ খন গাঁওত , বিদ্যুতৰ অভাৱত দূৰ্বিসহ জীৱন কটাইছে গাঁও কেই খনৰ ৰাইজ

78

স্বাধীনোত্তৰ সত্তৰ বছৰ পিছতো বিদ্যুতৰ সংযোগ নাই বি টি চিৰ তেৰ খন গাঁওত , বিদ্যুতৰ অভাৱত দূৰ্বিসহ জীৱন কটাইছে গাঁও কেই খনৰ ৰাইজ

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ , তামাৰহাট,৩০ নৱেম্বৰ : আধুনিক ডিজিটাল যুগতো বিদ্যুতৰ পোহৰ দেখি পোৱা নাই বি টি চিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝো’ৰা মহকুমাৰ অন্তৰ্গত তেৰ খন গাঁওৰ ৰাইজ। স্বাধীনোত্তৰ সত্তৰ বছৰ পিছতো বিদ্যুতৰ সংযোগ নহল পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও থানাৰ অন্তৰ্গত বেংডোবা প্ৰথম খণ্ড,বেংডোবা দ্বিতীয় খণ্ড,ধুইবাৰী প্ৰথম, দ্বিতীয়,তৃতীয় আৰু চতুৰ্থ খণ্ড হোৰকম,হাতীখেল,বেদবাৰী,বেঙাইঝোৰা প্ৰথম,দ্বিতীয়,তৃতীয় আৰু চতুৰ্থ খণ্ড গাঁওত। উক্ত গাঁও কেই খনৰ ৰাইজৰ ৰাতিৰ এন্ধাৰ দূৰ কৰাৰ বাবে কেৰাচিনৰ চাকি বা শৌৰশক্তি চালিত লাইটেই একমাত্ৰ ভৰসা। আজিৰ এই অত্যাধুনিক যুগতো বিদ্যুৎৰ অভাৱত এন্ধাৰৰ মাজত দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে উক্ত তেৰ খনৰো অধিক গাঁৱৰ ৰাইজৰ। কেন্দ্ৰীয় চৰকাৰৰ ঘৰ ঘৰ বিজুলী যোগান আঁচনিয়ে ঢুকি পোৱা নাই কোকৰাঝাৰ জিলাৰ পাৰ্বতঝোৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উক্ত গাঁও কেই খনত । দৈনন্দিন জীৱনত নিত্য ব্যাৱহাৰ্য্য মোবাইল চাৰ্জ,নথি পত্ৰ জেৰক্স আদি সৰু সুৰা কামৰ বাবে দহ-পোন্ধৰ কিলোমিটাৰ দূৰলৈ যাব লগা হয় উক্ত গাঁও কেই খনৰ ৰাইজ। যি সময়ত ৰাজ্যৰ আন আন ঠাইৰ ছাত্ৰ-ছাত্ৰী সকলে অনলাইন যোগে পঢ়া শুনাৰ লগতে পৰীক্ষা সমুহও দিবলগীয়া হৈছে , সেই সময়ত উক্ত গাঁও কেই খনৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে কেৰাচিন তেলৰ চাকি নাইবা মম বাতিৰ পোহৰত পঢ়া শুনা কৰিব লগা হৈছে।মুঠৰ ওপৰত বিদ্যুৎৰ অভাৱত গাঁও কেই খনৰ লোক সকলে আদিম যুগৰ মানুহৰ দৰে বহিৰ্জগতৰ লগত যোগাযোগ কৰিব লগা হৈছে । নিৰ্বাচনৰ পূৰ্বে সকলো দল বা প্ৰাৰ্থীয়ে উক্ত গাঁও সমূহত ভোট বিচাৰি উপস্থিত হৈ বিদ্যুৎৰ সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনৰ পিছত কোনো এজন জনপ্ৰতিনিধিয়ে এই বিষয়ত মাত মতা নাই । গতিকে , উক্ত গাঁও কেই খনত অতি সোণকালে বিদ্যুত যোগানৰ ব্যাৱস্থা কৰিবলৈ ভূক্তভোগী ৰাইজে অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।