সৰুপেটাত আমছুৰ মানৱ শৃংখল , ঢলপুৰৰ উচ্ছেদিতসকলক ন্যায় প্রদানৰ দাবী

82

সৰুপেটাত আমছুৰ মানৱ শৃংখল , ঢলপুৰৰ উচ্ছেদিতসকলক ন্যায় প্রদানৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ , ২২ ছেপ্টেম্বৰ : সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ বজালী জিলা কমিটীৰ উদ্যোগত সংগঠনটোৰ শতাধিক সদস্যই আজি সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । বিশেষকৈ দৰং জিলাৰ ছিপাঝাৰৰ ঢলপুৰত প্রশাসনে চলোৱা উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰি সংগঠনটোৰ সদস্য সকলে চক্র বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে । আমছুৰ কেন্দ্ৰীয় কমিটীৰ উপসভাপতি নজৰুল ইছলাম , বজালী জিলাৰ সভাপতি জাকিৰ হুছেইন তালুকদাৰ , কাৰ্যকৰী সভাপতি আশ্রফ আলীকে ধৰি সংগঠনটোৰ বজালী জিলাৰ অন্তৰ্গত চৈধখন আঞ্চলিক কমিটীৰ বিষয়ববীয়া , সদস্য উপস্থিত থকা প্রতিবাদী কাৰ্যসূচীটোত উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন দিয়ক , পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ অভিযান বন্ধ কৰক , চৰ অঞ্চলৰ পৰিয়ালসমূহক মাটিৰ পট্টা দিয়ক , সংখ্যালঘুৰ ওপৰত অমানবীয় অত্যাচাৰ বন্ধ কৰক , সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক ,ধৰ্মক লৈ ৰাজনীতি কৰা নচলিব , ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্রতিবাদকাৰী সকলে ।