হোজাইত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মেট্ৰিক অনুতীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

79

হোজাইত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মেট্ৰিক অনুতীৰ্ণ ছাত্ৰ–ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , যমুনামুখ, হিলাল চৌধুৰী, ১৩ চেপ্টেম্বৰঃ হোজাই, লংকা, ডবকা, লামডিং আদি অঞ্চলৰ কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই প্ৰতিবাদত অংশ লৈ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি দুপৰীয়া জিলাখনৰ কেইবা শতাধিক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ–ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰথমে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় এক ঘণ্টা সময় প্ৰতিবাদ কৰি ছেবা হায় হায় , অসম চৰকাৰ হায় হয় , আমাক উত্তীৰ্ণ কৰাই দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰ পাছত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নীলবাগান-লংকা সংযোগী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ ৰাওনা হওঁতেই আৰক্ষী , চি আৰ পি এফে বাধা প্ৰদান কৰে ছাত্ৰ–ছাত্ৰী সকলক । সেই বাধা নেওচি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শিক্ষাৰ্থীসকলে । প্ৰতিবাদৰ ফলত কেবাশতাধিক যানজঁট আবদ্ধ হৈ পৰে ৷ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰসৰ ৰ’দত ঘণ্টা ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ–ছাত্ৰীসকলে হয় উত্তীৰ্ণ কৰাই দিয়ক , নহ’লে পুনৰ পৰীক্ষা পতাৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদস্থলীত প্ৰসৰ ৰ’দ সহ্য কৰিব নোৱাৰি এগৰাকী ছাত্ৰী ঢলি পৰে ৷ হোজাই, লংকা, ডবকা, লামডিং আদি অঞ্চলৰ কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এই প্ৰতিবাদত অংশ লৈ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ প্ৰতিবাদস্থলীত হোজাইৰ অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম উপস্থিত হৈ শিক্ষাৰ্থীসকলক বুজনি দি প্ৰতিবাদ বন্ধ কৰাৰ আহ্বান জনায় যদিও ছাত্ৰ–ছাত্ৰীসকলে ক্ষান্ত নহৈ বহু সময় ধৰি প্ৰতিবাদ অব্যাহত ৰাখি পৰৱৰ্তী সময়ত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৷