ৰাজ্যবাসীৰ মূৰত মাধমাৰ , ১০ খন জিলাত শতকৰ ঘৰ স্পৰ্শ কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্যই

61

ৰাজ্যবাসীৰ মূৰত মাধমাৰ , ১০ খন জিলাত শতকৰ ঘৰ স্পৰ্শ কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্যই

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ৭ অক্টোবৰঃ অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য । ৰাজ্যখনৰ ১০ খন জিলাত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই অতিক্ৰম কৰিছে শতকৰ ঘৰ । অসমৰ এই ১০ খন জিলা হৈছে- ধেমাজি , লখিমপুৰ , মাজুলী , বিশ্বনাথ , নগাঁও , পশ্চিম কাৰ্বি আংলং , ডিমা হাচাও , ওদালগুৰি, কৰিমগঞ্জ আৰু শিৱসাগৰ । দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো পেট্ৰ’লৰ মূল্য নিয়মীয়াকৈ বৃদ্ধি পাইছে । শেহতীয়াকৈ ০.২৮ টকা বৃদ্ধিৰ ফলত গুৱাহাটীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৩১ টকালৈ বৃদ্ধি হৈছে । ডিজেলৰ মূল্যও বৃদ্ধি হৈ প্ৰতি লিটাৰত ৯১.৪৬ টকা হৈছে । সমগ্ৰ দেশতে একেৰাহে তৃতীয় দিনৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধি পাইছে । সমগ্ৰ ভাৰতত ইন্ধনৰ মূল্য নিয়মীয়াকৈ বৃদ্ধি হৈ আহিছে , যাৰ ফলত কেইবাখনো মুখ্য চহৰত ইয়াৰ মূল্যই ১০০ অতিক্ৰম কৰিছে । পেট্ৰ’লৰ মূল্যই ১০০ অতিক্ৰম কৰা দেশৰ প্ৰথম চহৰ আছিল ভূপাল । চহৰখনত মে মাহতে ইয়াৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছিল । ইয়াৰ পিছত এই সংখ্যা অতিক্ৰম কৰা চহৰ দুখন হ’ল জয়পুৰ আৰু মুম্বাই । হায়দৰাবাদ আৰু বেংগালুৰুয়ে জুন মাহত এই সংখ্যাত উপনীত হৈছিল । আনহাতে , ৰাজধানী দিল্লী , কলকাতা আৰু চেন্নাইয়ে জুলাই মাহত শতকৰ ঘৰ অতিক্ৰম কৰিছিল । উল্লেখযোগ্য যে , পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে এতিয়া প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সাংগঠনে ।