ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

49

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, ২১ ছেপ্টেম্বৰঃ ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মনোনয়ন দাখিলৰ সময়ত সোণোৱালক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই । অসম বিধানসভাৰ প্ৰধান সচিবৰ হাতত মনোনয়ন দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল । বিৰোধীয়ে ঘোষণা কৰা নাই ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী । বিনা প্ৰতিদ্বন্দ্বিতাই সৰ্বানন্দ সোণোৱাল জয়ী হব । মনোনয়ন দাখিলৰ পিছত সংবাদ মাধ্যমৰ আগত সৰ্বানন্দ সোণোৱালে কয় , মাজুলীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো । সময়ত দলে সিদ্ধান্ত ল’ব মাজুলী সম্পৰ্কত । মই যি পৰ্যায়ত নাথাকিলেও মাজুলী , অসমবাসী, ভাৰতবাসীৰ প্ৰতি সেৱা আগবঢ়াই যাম । মাজুলীৰ বিধায়ক পদ ত্যাগৰ ক্ষেত্ৰত সময় আছে , আজি মনোনয়ন দাখিল হৈছে হে । সোণোৱালে ক’লে –বিজেপি আৰু মিত্ৰদলৰ বিধায়ক সকলৰ সহযোগত মনোনয়ন পত্ৰ দাখিল কৰা হ’ল । নৰেন্দ্ৰ মোদী , জে পি নাড্ডা , অমিত শ্বাহ , বি এল সন্তোষক ধন্যবাদ । অসমৰ মুখ্যমন্ত্ৰী,ৰাজ্যিক বিজেপিৰ সভাপতি , বিধায়ক-সাংসদক ধন্যবাদ , অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো । অসমৰ সেৱা কৰাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ বাবে নাম প্ৰস্তাৱ কৰিছে । এনেদৰে সংবাদ মাধ্যমৰ আগত বহু মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷