ৰোধ হ’ব জীয়া ভৰলীৰ গৰাখহনীয়া , জীয়া ভৰলীৰ পাৰত সুদুৰ মুম্বাইৰ পৰা আহি উপস্থিত হ’লহি নদীখননৰ বৃহৎ যন্ত্ৰাংশ

136

ৰোধ হ’ব জীয়া ভৰলীৰ গৰাখহনীয়া , জীয়া ভৰলীৰ পাৰত সুদুৰ মুম্বাইৰ পৰা আহি উপস্থিত হ’লহি নদীখননৰ বৃহৎ যন্ত্ৰাংশ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২০ নৱেম্বৰঃ জামুগুৰিহাটবাসী ৰাইজৰ বাবে সুখবৰ । জীয়াভৰলী নদী খননৰ বাবে ইতিমধ্যে জীয়া ভৰলী নদীৰ পাৰত উপস্থিত হৈছেহি নদী খননৰ বৃহৎ যন্ত্ৰাংশ । নদী খননৰ বাবে সুদূৰ মুম্বাইৰ পৰা অহা যন্ত্ৰাংশ নদীৰ পাৰত উপস্থিত হোৱাৰ পাছত জামুগুৰিহাটৰ নদীপৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰা দেখা গৈছে । জামুগুৰিবাসী ৰাইজৰ আশা- জীয়া ভৰলী নদী খননৰ ফলত নদীৰ গভীৰতা বৃদ্ধি হ’লে নদীখনৰ ভয়াবহ গৰাখহনীয়া ৰোধ হ’ব । ইতিমধ্যে খৰস্ৰোতা জীয়া ভৰলী নদীৰ গৰাখহনীয়াৰ কবলত পৰি জামুগুৰিহাটৰ পশ্চিমাঞ্চালত বহু গাঁও নদীৰ বুকুত জাহ যোৱাৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত বিলিন হৈ গৈছে । অসম চৰকাৰে বৰ্তমান ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে নদীখননৰ যি প্ৰক্ৰিয়া হাতত লৈছে , তাৰে প্ৰথটো পদক্ষেপ হিচাপে চতিয়া সমষ্টিৰ জীয়া ভৰলী নদীত চলিত নৱেম্বৰ মাহৰ শেষৰ ফালে খনন প্ৰক্ৰিয়া আৰম্ভ কৰিব ক্লিনটেক এনফ্ৰা নামৰ কোম্পানীটোৱে ।