আন্ত:জিলা যাতায়তৰ নিৰ্দেশক ভেঙুচালী কৰি উত্তৰ প্ৰদেশৰ বাছ প্ৰবেশ ৰঙিয়াত

84
আন্ত:জিলা যাতায়তৰ নিৰ্দেশক ভেঙুচালী কৰি উত্তৰ প্ৰদেশৰ বাছ প্ৰবেশ ৰঙিয়াত
ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ২৩ আগষ্টঃ আন্তঃজিলা যাতায়ত বন্ধৰ নামত আচলতে চলিছে কি ? ৰেলেৰে বহি:ৰাজ্যৰ পৰা যাত্ৰীসকলে অসমলৈ আহি থকাটো সকলোৰে জ্ঞাত । কিন্তু এইবাৰ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীবাহী বাছৰ প্ৰবেশ অসমত । জিলাই জিলাই দায়িত্বত নিয়োজিত আৰক্ষীক মেনেজ কৰি বহিঃৰাজ্যৰ পৰা অসমত প্ৰবেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বাছৰ চালক হেণ্ডিমেনসকলে । শনিবাৰে উত্তৰ প্ৰদেশৰ পৰা অহা যাত্ৰী ভৰ্তি বাছ এখন উপস্থিত হোৱাৰ লগে লগেই ৰঙিয়াৰ ১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত থকা স্থানীয় বাছৰ চালক হেণ্ডিমেনসকল ক্ষোভিত হৈ পৰে । বহু দিনৰ পৰাই ৰঙিয়াৰ মাজেৰে অন্য ৰাজ্য তথা জিলাৰ একাংশ যাত্ৰীবাহী বাছ নিৰ্বিঘ্নে পাৰ হৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যে , জিলাখনৰ সীমাত থকা অস্থায়ী আৰক্ষী চকী সমুহতো আৰক্ষী উপস্থিত নাথাকে । শনিবাৰেও উত্তৰ প্ৰদেশৰ পৰা অহা বাছখনত পান জপা দি গাত গা লগাই প্ৰায় শতধিক যাত্ৰী লৈ আহিছে অসমলৈ । দুজনৰ আসনত বহিছে তিনিজনকৈ । বাছখনৰ আসনৰ তলতো যাত্ৰী বহি আহিছে । বাছখনৰ ভিতৰত আছে প্ৰায় দহটাতকৈও অধিক কণমানি শিশু । ক’ভিডৰ সম্পূৰ্ণ নীতি নিয়ম ভৰিৰে মোহাৰি উত্তৰ প্ৰদেশৰ পৰা অহা এই বাছখন গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে । যাত্ৰীসকলক অনুজ্ঞাপত্ৰৰ কথা সোধাত মাত্ৰ পাঁচজন যাত্ৰীয়ে দেখুৱাবলৈ সক্ষম হয় ক’ভিড পৰীক্ষাৰ প্ৰমাণ পত্ৰ । ড্ৰাইভাৰক এই বিষয়ে প্ৰশ্ন কৰাত কোনো কথা জনাবলৈ অস্বীকাৰ কৰে । এতিয়া প্ৰশ্ন হয় , কেইবাখনো ৰাজ্য পাৰহৈ অহা বাছখনে অসমত সোমোৱাৰ পিছত ইমান কেইখন জিলা পাৰহৈ ৰঙিয়াত কেনেদৰে উপস্থিত হ’ল ? ইমানদিনে আৰক্ষীৰ বিৰুদ্ধে টকাৰ বিনিময়ত বাছ সমুহক যাবলৈ দিয়া অভিযোগ সচা প্ৰমাণিত নেকি ! যদিহে এইদৰেই বাছসমূহৰ যাতায়ত চলি থাকে , চৰকাৰে দিনে দিনে জাৰি কৰি থকা এছ অ’ পি সমুহ নাটকত পৰিণত হ’ব যে খাটাং ।