কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত দক্ষিন পশ্চিম ৰঙিয়াত বিশ্ব শান্তি দিৱস উৎযাপন

88

কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত দক্ষিন পশ্চিম ৰঙিয়াত বিশ্ব শান্তি দিৱস উৎযাপন

ষ্টাফ ৰিপ’ৰ্টাৰ ,দুৰ্নীতিৰ দৰ্পণ , ৰঙিয়া , ২২ ছেপ্টেম্বৰ: বিশ্ব শান্তি দিৱসৰ লগত সংগতি ৰাখি কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত কাকুমণি বৈশ্য,সাগৰিকা বৈশ্য , প্ৰণৱ শৰ্মা,প্ৰতিভা কলিতা , প্ৰণামী কলিতাসহ বাঘবাৰী , ম’হখলী বৰমুৰা (খানাপাৰা) গাওঁবাসীৰ সহযোগত দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ প্ৰাংগনত মঙ্গলবাৰে শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এলানি “কবিতা” লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । কবিতা প্ৰতিযোগিতাৰ মুল বিষয় আছিল “বিশ্ব শান্তি” ৷ প্ৰায় ৩০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ ভিতৰত নিম্ন শাখাত প্ৰথম পুৰস্কাৰ শ্ৰী বিশাল দাস , ২ য় পুৰস্কাৰ-শ্ৰী চুমি কলিতা ,৩ য় পুৰস্কাৰ ক্ৰমে গৌৰৱ জ্যোতি কলিতা , শ্যামন্তিকা কলিতা আৰু অভিজ্ঞান কলিতাই লাভ কৰে । অন্যহাতে , উচ্চশাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৌচুমী চুলতানাই ৷ বিজয়ী প্ৰতিযোগীসকলক একোখন গ্ৰন্থৰে পুৰস্কৃত কৰা হয় ৷ ইয়াৰ উপৰিও উপস্থিত ছাত্ৰ-ছাত্ৰী তথা শিশুসকলে বিশ্ব শান্তি সম্বন্ধে নিজাকৈ বক্তৃতাও দিয়ে ৷ কবিতাৰ বিচাৰকৰ দায়িত্বত থাকে কবি অৰণ্যম কাশ্যপে ৷ অনুষ্ঠানত প্ৰতিযোগীসকলৰ লগতে অভিভাৱকসকলৰ ফালৰ পৰা তপন কলিতা , হিতেন্দ্ৰ শৰ্মা , বিনন্দ কলিতাই বিশ্ব শান্তি সন্বন্ধে নিজাকৈ বক্তৃতা ৰাখে ৷ কবি অৰণ্যম কাশ্যপে আগন্তুক সময়বোৰতো সমাজত শান্তিৰ বাতাবৰণ বিৰাজ কৰিবলৈ তথা শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলকো এই ক্ষেত্ৰত উৎসাহী কৰিবলৈ এনেধৰণৰ কাৰ্য্যসূচী গ্ৰহণ যাব বুলি জনায় ৷ ৰঙিয়াৰ স্বনামধন্য যুৱকবি গৰাকীৰ এই পদক্ষেপৰ শলাগ লয়।