কামৰূপৰ দদৰা আৰক্ষীৰ বৃহৎ সফলতা , দদৰা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ প্ৰায় ১ কৌটি টকাৰ সোণ

123

দুৰ্নীতিৰ দৰ্পণ সেৱা, পঙ্কজ নাথ , চাংসাৰি , ৪ আগষ্টঃ কামৰূপ জিলাৰ দদৰাত আজি আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হয় । জব্দকৃত সোন খিনিৰ মূল্য প্ৰায় এক কোটি টকা হব বুলি জানিব পৰা গৈছে । সোণৰ বিস্কুট সহ গ্ৰেপ্তাৰ কৰা হৈছে দুই সোন সৰবৰাহকাৰী- নবাব আলী আহমেদ , আব্দুছ চুবুৰুদ্দিনক । দদৰা আৰক্ষী চকীৰ ইউবি কনিষ্টবল তনুক চন্দ্ৰ দাস আৰু সহকাৰী উপ-পৰিদর্শক কুমুদ তালুকদাৰ অভিযানত জব্দ হৈছে এই সোণ খিনি । সোণ সৰবৰাহকাৰীয়ে তালাচীৰ সময়ত দুই আৰক্ষী বিষয়া জোৱানক উপঢৌকন হিচাপে দিব বিচাৰিছিল জব্দ কৰা সোণৰ টোপোলা । বিনিময়ত গ্ৰেপ্তাৰ কৰিব নালাগে দুই সোন সৰবৰাহ কাৰীক । কিন্তু উপঢৌকন গ্ৰহণ নকৰি দুই আৰক্ষী বিষয়া জোৱানে তৎক্ষণাত খবৰ দিছিল আৰক্ষী চকীৰ IC বিৰিঞ্চি দাসক আৰু তাৰ পাছতে খেদি খেদি আটক কৰিছে দুই সোন সৰবৰাহকাৰীক । কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি , AS-01-EG-3427 নম্বৰৰ i20 বাহনেৰে গুৱাহাটীৰ পৰা বৰপেটালৈ লৈ গৈ আছিল এই সোণ খিনি ।