গুৱাহাটীত গ্ৰেপ্তাৰ ২৬ গৰাকী ম্যানমাৰৰ নাগৰিক , ভুৱা ভোটাৰ পৰিচয় পত্ৰ , আধাৰ কাৰ্ড জব্দ

108

গুৱাহাটীত গ্ৰেপ্তাৰ ২৬ গৰাকী ম্যানমাৰৰ নাগৰিক , ভুৱা ভোটাৰ পৰিচয় পত্ৰ , আধাৰ কাৰ্ড জব্দ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৩ ছেপ্তেম্বৰঃ গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে ২৬ গৰাকীকৈ ম্যানমাৰৰ নাগৰিক । নিশা গুৱাহাটীৰ পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই লোক সকলক । ধৃত ম্যানমাৰৰ নাগৰিক কেইজনৰ পৰা মিজোৰামৰ ঠিকনাসহ ভুৱা ভোটাৰ পৰিচয় পত্ৰ,আধাৰ কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে । ধৃত লোকসকলৰ পৰা আৰক্ষীয়ে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰো ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে । ইতিমধ্যে আৰক্ষীয়ে পল্টন বজাৰ আৰক্ষী থানাত ৮৬০/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে । মহিলাসহ ২৬ জনকৈ বিদেশী নাগৰিকক আটক কৰা ঘটনাই বহিঃৰাষ্ট্ৰৰ পৰা অসমলৈ সহজে আহ-যাহৰ ক্ষেত্ৰত একাংশ সন্দেহযুক্ত লোকক যে আমাৰ দেশৰ উচ্চস্তৰীয় বিষয়া তথা সংশ্লিষ্ট সংস্থায়ে ভুৱা নথি পত্ৰৰ যোগান ধৰে , সেয়া স্পষ্ট কৰি দিছে । আজি তেওঁলোকক আদালতত হাজিৰ কৰাৰ পাছত সোমবাৰে অসম আৰক্ষীয়ে পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে ।