জামুগুৰিহাটৰ চকীঘাটৰ চৌদিশে কেৱল সেউজীয়া আৰু সেউজীয়া , অবৈধ বেদখলকাৰীৰ উচ্ছেদিত ভূমিত খিলঞ্জীয়াই ৰচিছে সেউজীয়া সপোন

93

জামুগুৰিহাটৰ চকীঘাটৰ চৌদিশে কেৱল সেউজীয়া আৰু সেউজীয়া , অবৈধ বেদখলকাৰীৰ উচ্ছেদিত ভূমিত খিলঞ্জীয়াই ৰচিছে সেউজীয়া সপোন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৯ আগষ্টঃ জামুগুৰিহাটৰ পশ্চিমাঞ্চালৰ চকীঘাট এতিয়া হৈ পৰিছে চিৰ সেউজীয়া । যেনিয়েই চকু যায় , সেইফালেই কেৱল সেউজীয়া আৰু সেউজীয়া । আজিৰ পৰা এবছৰ আগলৈকে এই চকীঘাট আছিল একাংশ সন্দেহজনক নাগৰিকৰ বসতিস্থল । ইয়াত আছিল জুপুৰি সদৃশ ঘৰ । কিন্তু শোণিতপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এই সন্দেহজনক নাগৰিক সকলক উচ্ছেদ কৰাৰ পাছত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই চকীঘাটৰ শ শ বিঘামাটি খিলঞ্জীয়া যুৱকক কৃষি কৰ্মৰ বাবে হস্তান্তৰ কৰে । ১০ জনীয়া গোট আকাৰে ৫২ টা গোটৰ ৫২০ গৰাকী খিলঞ্জীয়া যুৱকক কৃষি কৰ্ম কৰিবলৈ দিয়াৰ পাছত এতিয়া চকীঘাটৰ এই ভূমিত খিলঞ্জীয়া যুৱকে ৰচিছে সেউজ সপোন । পাহোৱাল ডেকাই ধানখেতিৰে সেউজীয়া কৰি তুলিছে এতিয়া চকীঘাটৰ বক্ষ । ধান খেতি চপোৱাৰ পাছত এইসকল খিলঞ্জীয়াই ঋতু অনুসৰি অনান্য খেতি কৰাৰো সংকল্প লৈছে । জামুগুৰিহাটৰ চকীঘাটত প্ৰশাসনে বেদখলমুক্ত কৰা পাঁচশৰো অধিক ভূমিত খিলঞ্জীয়া যুৱকৰ কৰ্ম সংস্কৃতি ৰাজ্যৰ অনান্য প্ৰান্তৰ যুৱকৰ বাবেও এতিয়া হৈ পৰিছে আদৰ্শৰ নিদৰ্শন ।