জামুগুৰিহাটৰ টুপিয়াত ১০৩ বছৰীয়া আইতাৰ শৰীৰত আত্মা লম্ভাৰ সম্ভাৱনা , আইতাৰ অদ্ভুত আচঁৰণত আচম্ভিত গঞাঁ

171

জামুগুৰিহাটৰ টুপিয়াত ১০৩ বছৰীয়া আইতাৰ শৰীৰত আত্মা লম্ভাৰ সম্ভাৱনা , আইতাৰ অদ্ভুত আচঁৰণত আচম্ভিত গঞাঁ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৯ আগষ্টঃ কল্প বিজ্ঞানৰ বহু ভৌতিক কাহিনী আমি কিতাপত পঢ়ি আহিছো ৷ ৰহস্যময় এই কাহিনীবোৰক লৈ বহু সময়ত বহু চিনেমা,চিৰিয়েল নিৰ্মান হৈছে ৷ তেনে এক ভৌতিক কাহিনী লেখিয়া এক বাস্তৱ ঘটনা ঘটিছে জামুগুৰিহাটৰ টুপিয়াত ৷ এগৰাকী ১০৩ বছৰীয়া আইতাই হঠাৎ কবলৈ লৈছে সলসলীয়াকৈ হিন্দী ৷ জীৱন কালত কোনো দিনাই হিন্দী কৈ নোপোৱা এই গৰাকী আইতাই যোৱা শণিবাৰৰ পৰা কবলৈ আৰম্ভ কৰিছে হিন্দী ৷ তাকো সলসলীয়াকৈ স্পষ্ট ৰূপত ৷ আইতাৰ এই কৰ্ম-কাণ্ড দেখি আচৰিত হৈ পৰিছে ঘৰৰ পৰিয়ালৰ লগতে গঞাঁ ৰাইজ ৷ একাংশ গঞাঁ ৰাইজৰ দাৱী আইতাৰ শৰীৰত আন কোনো আত্মা লম্ভিছে ৷ কোনো হিন্দীভাষী লোকৰ আত্মাই আইতাৰ শৰীৰত থিতাপি লোৱা বাৱেই আইতাই সকলো সময়তে সকলো লোকৰে লগত হিন্দী কবলৈ আৰম্ভ কৰিছে ৷ ১০৩ বছৰ গৰকা লাৱন্য ভাগৱতী নামৰ আইতা গৰাকীৰ এই অস্বাভাৱিক আচঁৰণে ওচৰ চুবুৰীয়া তথা গঞাঁ ৰাইজক এতিয়া আচম্ভিত কৰি তুলিছে ৷