দক্ষিণ বৰপেটাৰ চৰঅঞ্চলত বন বিভাগৰ অভিযান , উৎখাত কেইবাটাও অবৈধ কাঠফলা মিল

124
দক্ষিণ বৰপেটাৰ চৰঅঞ্চলত বন বিভাগৰ অভিযান , উৎখাত কেইবাটাও অবৈধ কাঠফলা মিল
দুৰ্নীতিৰ দৰ্পণ সেৱা , নগৰবেৰা , ২১ আগষ্টঃ বৰপেটা জিলাৰ নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিণ বৰপেটাৰ চৰ অঞ্চলত শনিবাৰে পুৱাই জিলা বন বিভাগে অভিযান চলাই উৎখাত কৰে কেইবাটাও অবৈধ কাঠফলা মিল ।বাঘবৰ আৰু চেঙাৰ চৰঅঞ্চলত বন বিভাগৰ অভিযান । জব্দ কেইবাটাও অবৈধ কাঠফলা মিল । নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিণ বৰপেটাৰ চৰাঞ্চলত অবৈধ কাঠমিলৰ মুকলি ছিণ্ডিকেট । শনিবাৰৰ পুৱাই জিলা বন বিভাগৰ অতৰ্কিত অভিযান , অভিযানত জব্দ কেইবাটাও অবৈধ কাঠফলা মিল । বৰপেটা জিলা বন সংমণ্ডল আৰু ৰঙিয়া বন সংমণ্ডলৰ যুটীয়া অভিযানত শনিবাৰে দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰাইখাইতি , খোলাবান্ধা আৰু বাঘবৰৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতি চৰত মুঠ ৪ টাকৈ অবৈধ কাঠমিল উৎখাত কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটি । চাৰিটাকৈ অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে জব্দ কৰে বহু পৰিমাণৰ কাঠ । উত্তৰ কামৰূপ জিলা বন প্ৰাধিকাৰী চেনীদেউ চৌধুৰী আৰু বৰপেটা ৰোড বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নেতৃত্বত চলে এই অভিযান ।