নগৰবেৰাত আৰ্থিক সাহায্য বিচাৰি পেটত গামোচা বান্ধি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ লুইত পৰীয়া টেন্ট হাউচ উন্নয়ন সংস্থাৰ

159

নগৰবেৰাত আৰ্থিক সাহায্য বিচাৰি পেটত গামোচা বান্ধি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ লুইত পৰীয়া টেন্ট হাউচ উন্নয়ন সংস্থাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ১১ ছেপ্তেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত ক’ভিড পৰিস্থিতিৰ বাবে টেন্ট হাউচ ব্যৱসায়ৰ দুৰাৱস্হা,মূখ্যমন্ত্রী লৈ স্মৰক পত্র প্ৰেৰণ । পেটত গামোচা বান্ধি নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মূখ্যমন্ত্রী লৈ স্মৰক পত্র প্ৰেৰণ কৰিলে লুইত পৰীয়া টেন্ট হাউচ উন্নয়ন সংস্থায় । শিক্ষিত যুৱক সকলে চৰকাৰৰ চাকৰিৰ অপেক্ষা নকৰি নিজাকৈ স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে গঠন কৰিছিল টেন্ট হাউচ । ক’ভিড পৰিস্থিতিৰ ভাবে সম্পূর্ণ বন্ধ হৈ পৰিছে টেন্ট হাউচ সমুহ । টেন্ট হাউচ সমুহ বন্ধ হৈ পৰাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰী সকলৰ । দীঘলীয়া সময়ৰ লকডাউনে আউল লগাইছে বহু ব্যৱসায়ীৰ জীৱন-জীৱিকাত , আনহাতে ব্যৱসায়িক স্থৱিৰতাৰ বাবেই বহু পৰিয়াল সম্প্ৰতি অৰ্থ সংকটত পৰিছে । নগৰবেৰাত আৰ্থিক সাহায্য বিচাৰি পেটত গামোচা বান্ধি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান একাংশ টেণ্ট হাউচ স্বত্বাধিকাৰীৰ । উচৱ-পাৰ্বন বন্ধ হোৱাত সমূলি মন্দা হৈ পৰিছে টেণ্ট হাউচ’ৰ ব্যৱসায় ,আনহাতে দীৰ্ঘকাল ব্যৱহাৰ নোহোৱাত মৰিচা লাগিব ধৰিছে টেণ্ট’ৰ কেতবোৰ সামগ্ৰীত । সেয়ে ব্যৱসায়ী সকলৰ বিপৰ্যয়ৰ কথা বিবেচনাৰে এককালীন অৰ্থ সাহায্য আগবঢ়াবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীলৈ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে । নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আশীৰ্বাদ হাজৰিকাৰ হাতত লুইতপৰীয়া টেণ্ট হাউচ উন্নয়ন সংস্থাৰ বিষয়ববীয়া সকলে তুলি দিলে মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা দাবী সম্বলিত স্মাৰকপত্ৰ খন । চৰকাৰে বিবেচনা কৰিবনে পেটত গামোচা বান্ধিবলগীয়া পৰিস্থিতি হোৱা এইসকল ব্যৱসায়ীৰ দাবী-আবেদন ।