নগৰবেৰাত সদাব্যস্ত ৰাজপথ জলমগ্ন, ৰাইজৰ যাতায়াতত বিড়ম্বনা

97

নগৰবেৰাত সদাব্যস্ত ৰাজপথ জলমগ্ন, ৰাইজৰ যাতায়াতত বিড়ম্বনা

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ১৪ ছেপ্তেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আজিও সুগম নিৰাপদ হৈ নুঠিল যাতায়াত ব্যবস্থা । জলমগ্ন ৰাজপতৰ বাবে ৰাইজৰ যাতায়াতত নামিছে আহুকাল । সদাব্যস্ত পথছোৱাৰে দৈনিক অহা-যোৱা কৰে হেজাৰ হেজাৰ পথচাৰীৰ লগতে স্কুল কলেজীয়া ছাত্র- ছাত্ৰী । নৈ-জলাশয়ত নহয় , নগৰবেৰাৰ সদাব্যস্ত জলমগ্ন পকী ৰাজপথত উজান উঠিছে মাছৰ,স্থানীয় একাংশই মাছ বিচাৰি কৰিছে পানী ঘোলা । নগৰবেৰাত আজিও সুগম-নিৰাপদ হৈ নুঠিল যাতায়ত ব্যৱস্থা , নগৰবেৰা নিউ মাৰ্কেটৰ পৰা স্থানীয় বিপিচি কলেজলৈ যোৱা পকী গড়কাপ্তানি পথচোৱা অতিকে বিধ্বস্ত , বছৰটোৰ সৰহভাগ কাল থাকে কৃত্ৰিম বানপানীৰ তলত । জলমগ্ন হৈ থাকি খলপা-খলপে ভাঙিছে পথৰ পকী বোৰ , নিতৌ ছাত্ৰ-ছাত্ৰী ,ৰোগীকে আদি কৰি যান-বাহন চলাচলতো হয় যঠেষ্ট অসুবিধা , তাতে আকৌ মাছৰ কথা শুনি পথৰ মাজতে একাংশ স্থানীয় দোকানী-ব্যৱসায়ীয়ে দুহাতেৰে খেপিয়াই বিচাৰিছে গৰৈ-চেঙেলি । নগৰবেৰাৰ বিধ্বস্ত যাতায়তৰ বিপজ্জনক ছবি ,জলমগ্ন পকী ৰাজপথত মাহৰ পাছত মাহ ৰাইজে ভুগি আহিছে যাতায়ত বিড়ম্বনা । প্ৰশ্ন হয় , কিহৰ বাবে পথচোৱা অনবৰতে ডুবি থাকে পানীৰ তলত ? আগলৈ সুগম , নিৰাপদ হ’বনে নগৰবেৰা অঞ্চলৰ ৰাজপথ সমূহ?