নগৰবেৰাৰ ১৩০১ নং বদলা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল শিক্ষকে পেলাই দিলে নৈত

44

নগৰবেৰাৰ ১৩০১ নং বদলা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল শিক্ষকে পেলাই দিলে নৈত

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ২৬ চেপ্টেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ ১৩০১ নং বদলা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নজিৰ বিহীন কাণ্ড। ছাত্র- ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ নকৰি পেলাই দিলে বিদ্যালয়ৰ কাষৰে ব’ই যোৱা কলহী নৈৰ পানীত। বিদ্যালয়ৰ শিক্ষকে সংঘটিত কৰা এই অদ্ভুত কাণ্ড পোহৰলৈ আহে শনিবাৰে। জানিব পৰা মতে বিদ্যালয়ৰ শিক্ষকে কণ কণ ছাত্র- ছাত্ৰীক মধ্যাহ্ন ভোজনৰ চাউল নিবিলাই নৈৰ পানীত পেলাই দিলে বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চৰকাৰী চাউল। কণ কণ শিক্ষার্থীৰ মধ্যাহ্ন ভোজনৰ চাউল হল’গৈ এতিয়া মাছ- কাছৰ আহাৰ।শিক্ষকে চাউল সমুহ নিবিলাই বস্তাই বস্তাই মধ্যাহ্ন ভোজনৰ চাউল পেলাই দিলে নৈৰ বুকুত ।কভিড দুৰ্যোগৰ বাবে সম্প্রতি বন্ধ হৈ আছে প্ৰাথমিক বিদ্যালয় সমুহ , ছাত্র- ছাত্ৰীক ঘৰে ঘৰে বিলাব লাগে চাউল বোৰ পিছে শিক্ষকে তাকে নকৰি মাহে মাহে জমা কৰি গৈছে দ’মে দ’মে মধ্যাহ্ন ভোজনৰ চাউল, শিক্ষানুষ্ঠানত পচি নষ্ট হব ধৰিছে চাউলবোৰ ।দূৰদৰ্শী শিক্ষাগুৰুৱে ছাত্র- ছাত্ৰীক মধ্যাহ্ন ভোজনৰ চাউল নিবিলাই পেলাই দিছে কাষৰে ব’ই যোৱা কলহী নৈৰ পানীত । ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ ১৩০১ নং বদলা পথাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্র- ছাত্ৰীক মধ্যাহ্ন ভোজনৰ চাউল নিবিলাই বস্তাই বস্তাই চাউল নৈত পেলাই দিলে।পূর্বেও হেনো সংঘটিত হৈছিল অনুৰূপ ঘটনা, এই কাণ্ডত জড়িত শিক্ষকৰ শাস্তিৰ দাবী জনালে ৰাইজে।এতিয়া প্ৰশ্ন হয় – যদি মধ্যাহ্ন ভোজনৰ চাউল বিলোৱা নহয়, তেন্তে কিহৰ বাবে এইদৰে পানীত পেলাই দিবলৈ সংগ্রহ কৰে চৰকাৰী চাউল, আগলৈ ৰোধ হ’বনে শিক্ষা বিভাগৰ এনে অদ্ভুত কাণ্ড।এনে নজিৰ বিহীন কাণ্ড সংঘটিত কৰা শিক্ষকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যবস্থা গ্রহণ কৰে সেয়া সময়ে হব লক্ষ্যনীয়।