বেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ তীৰ্থ ৰঞ্জন গোস্বামীলৈ অসম গৌৰৱ সন্মান বটা-২০২১

92

বেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ তীৰ্থ ৰঞ্জন গোস্বামীলৈ অসম গৌৰৱ সন্মান বটা-২০২১

দুৰ্নীতিৰ দৰ্পণ সেৱা , টংলা , ৯ ছেপ্টেম্বৰঃ যোৱা ৬ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ ১০ গৰাকী ব্যক্তিক অসমীয়া সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ পৰা অসম গৌৰৱ সন্মান বটা-২০২১ প্ৰদান কৰে । তাৰ মাজত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সভাপতি তথা বেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ তীৰ্থ ৰঞ্জন গোস্বামীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ওদলগুৰি জিলাৰ শ্ৰীশ্ৰীবেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ শ্ৰীতীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীদেৱক এই বটা প্ৰদান কৰা হয় । সংস্কৃত বিষয়ৰ শিক্ষক শ্ৰীগোস্বামী বৈদিক জ্যোতিষ বিষয়ত যথেষ্ট অধ্যয়নপুষ্ট ব্যক্তি । তেওঁ ভাৰতীয় জ্যোতিষ অধ্যাত্ম গৱেষনা পৰিষদ নামৰ অনুস্থানৰ পৰা “জ্যোতিষ ৰত্ন”উপাধি লাভ কৰিছে । যোৱা ২০২০ বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহণ সম্পৰ্কে ভৱিষ্যতবানী কৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে জ্যোতিষ বিষয়ক বিভিন্ন প্ৰৱন্ধ,বিভিন্ন কৰ্মশালাত অংশ গ্ৰহন তথা জ্যোতিষ বিষয়ক গৱেষনা অব্যাহত ৰাখিছে । বিভিন্ন সামাজিক অনুস্থান-প্ৰতিস্থানৰ লগত জড়িত গোস্বামীদেৱ অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ লগতে সদৌ অসম কবি সন্মিলনীৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে । “ৰত্নগিৰি জ্যোতিষ অধ্যাত্ম কেন্দ্ৰ “নামৰ প্ৰতিস্থানটোৰ অবৈতনিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । উক্ত প্ৰতিস্থানটোত ইতিমধ্যে বহুসংখ্যক জ্যোতিষ বিষয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যায়ন কৰি আছে । জ্যোতিষ বিষয়ত পাৰদৰ্শিতাৰ বাবে এই বটা গোস্বামীদেৱক প্ৰদান কৰা হৈছে । “মুক্তেশ্বৰী দেৱালয়ৰ ইতিবৃত্ত”,”এমুঠি জোনাক”তেওৰ প্ৰকাশিত স্বৰচিত পুথি । তাৰোপৰি ওদালগুৰি জিলাৰ বিভিন্ন সামাজিক অনুস্থানৰ মুখপত্ৰ , আলোচনী আদিৰ সম্পাদনাৰ লগত জড়িত । সহজ-সৰল প্ৰকৃতিৰ শ্ৰীশ্ৰীবেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ গোস্বামীদেৱে অসম গৌৰৱ সন্মান বটা লাভ কৰাত বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে শুভেচ্ছা জ্ঞাপন কৰিছে ।