বেছিমাৰীত ১০ খন বিছনাযুক্ত স্বাস্থ্য কেন্দ্রৰ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ

106

বেছিমাৰীত ১০ খন বিছনাযুক্ত স্বাস্থ্য কেন্দ্রৰ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , দলগাঁও , ২২ আগষ্ট : দলগাওঁ সমষ্টিৰ অন্তৰ্গত বেছিমাৰীত আজি সাংসদ দিলীপ শইকীয়াই বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত ১০ খন বিছনাযুক্ত স্বাস্থ্য কেন্দ্রৰ শুভ উদ্বোধন কৰে । প্ৰাপ্ত তথ্য মতে , বেছিমাৰীৰ বৃহত্ত্বৰ অঞ্চলৰ ৰাইজৰ এটি দীৰ্ঘদিনীয়া দাবী চিকিৎসা কেন্দ্রৰ আছিল ।  মানুহৰ বেমাৰ আজাৰ হলে ১০/১২ কি:মি: দূৰত  মানুহে খাৰুপেটীয়া অথবা মঙ্গলদৈ চিকিৎসাৰ বাবে যাৱ লগা হৈছিল । যিটো দৰিদ্ৰ ৰাইজৰ বাবে যথেষ্ট কষ্টকৰ আছিল । কিন্তু আজি ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনায় স্বাস্থ্য বিভাগে বিধায়ক মজিবুৰ ৰহমানৰ নেত্ৰীত্বত বেছিমাৰীত ১০ খন বিছনাযুক্ত স্বাস্থ্য কেন্দ্র মুকলি কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে । স্বাস্থ্য কেন্দ্ৰটি শুভ উদ্বোধন কৰি মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই স্বাস্থ্য কেন্দ্রটি স্থাপন কৰাৰ বাবে মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়ে লগতে স্বাস্থ্য কেন্দ্রটিৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ যথেষ্ট উপকৃত হব বুলি মন্তব্য কৰে শইকীয়াই । একেদৰে বিধায়ক মজিবুৰ ৰহমানেও মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ দিলীপ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে ।