ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

113

ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা,পঙ্কজ নাথ,চাংসাৰি,১৭ আগষ্টঃ কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰিস্থিত বেজেৰা মণ্ডল কাৰ্যালয়ৰ সভাগৃহত আজি ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । সভাত দলৰ সাংগঠনিক কাম কাজৰ অধিক গতি প্ৰদান বাবে আলোচনা কৰা হয় । বেজেৰা মণ্ডল মহিলা মৰ্চাৰ নিৰ্বাচিত সভানেত্রী মুন দাসৰ সঞ্চালনাত আজিৰ সভাখন অনুষ্ঠিত হয় । কাৰ্যনিৰ্বাহ সভাখনত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী গীতা বৰাই বিজেপি নৰেন্দ্ৰ মোডী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা নতুন উন্নয়নমূলক আঁচনি কথা ব্যাখ্যা কৰে । ইয়াৰ লগতে মহিলা সকলক স্বনিৰ্ভৰশীল কৰাৰ বাবে লোৱা আচনি সুবিধা লবলৈ সমাজক আহ্বান জনায় । সভাত বক্তব্য ৰাখি বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মুন দাসে জনতা পাৰ্টীৰ দলে লোৱা জন কল্যাণকামী বিভিন্ন আঁচনিবোৰৰ সফল ৰূপায়নৰ জৰিয়তে বেজেৰা মণ্ডলত দলৰ সাংগঠনিক দিশটো অধিক শক্তিশালী কৰিবলৈ মহিলা মৰ্চাৰ সকলো কৰ্মীবৃন্দকে আহ্বান জনায় । সভাখনত বিজেপি যুৱ মৰ্চাৰ কেইবাগৰাকী বিষয়ববীয়া তথা বেজেৰা মণ্ডলৰ বিষয়ববীয়া ও সদস্যসকলে অংশগ্ৰহণ কৰে ।