সঘনাই সংঘটিত হোৱা চুৰিকাণ্ডত অতিষ্ঠ হৈ আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ

386

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি, ৪ আগষ্টঃ বিগত সময়ত ছোৱাত উত্তৰ গুৱাহাটী বিভিন্ন অঞ্চলত সঘনাই সংঘটিত হৈ থকা চুৰি কাণ্ডৰ বাবে অঞ্চলবাসী ৰাইজৰ মাজত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ মঠ মন্দিৰ সমূহত চুৰি কাৰ্য্যই সচেতন মহলক যথেষ্ট চিন্তিত কৰি তুলিছে । যাৰ বাবে “বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী আমিনগাও প্ৰখণ্ড” ৰ প্ৰথম খন কাৰ্য্যনিৰ্বাহক সভাত ইয়াক লৈ এক বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । সভাৰ সেই প্ৰস্তাৱ মৰ্মে এই ঘটনা সমূহৰ বিষয়ে উত্তৰ গুৱাহাটী আৰক্ষী থানা(মাজগাওঁ) আৰু উত্তৰ গুৱাহাটী আৰক্ষী চকী( গৌৰীপুৰ) এই দুইখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত একো একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় । ইয়াৰ লগতে নৈশ ভাগত পহৰা আৰু তহলদাৰী ব্যৱস্থাটো অধিক কটকটীয়া কৰিবলৈ দাবী জনোৱা হয় । উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ডৰ সভাপতি কুলেন বড়ো , সম্পাদক অজয় দাস আৰু টুটুমনি দাসৰ নেতৃত্বত যোৱা দলটোৱে এই দাবী সন্মিলিত স্মাৰক পত্ৰ আৰক্ষী বিষয়া দুগৰাকীৰ হাতত অৰ্পণ কৰে লগতে অতিশীঘ্ৰে অঞ্চলটোত চলি থকা চুৰিকাণ্ড ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লবলৈ দাবী জনাই বুলি জানিব পৰা গৈছে ।