ৰঙিয়াত আৰক্ষী বিভাগৰ পদৰ বাবে প্ৰস্তুতি শিবিৰ

106

ৰঙিয়াত আৰক্ষী বিভাগৰ পদৰ বাবে প্ৰস্তুতি শিবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙিয়া , ১২ ছেপ্টেম্বৰঃ আৰক্ষী বিভাগৰ পদৰ বাবে শাৰীৰিক-মানসিক প্ৰস্তুতিৰ বাবে আমাৰ চৰকাৰ খনে হাতত লৈছে এক বিশেষ উদ্যোগ । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ । এই উদ্দেশ্যে দেওবাৰে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তৰণীস্থিত ‘আৰিমত্ত মিনি ষ্টেডিয়াম’খেলপথাৰত আৰক্ষী বিভাগৰ পদৰ বাবে আবেদনকাৰীসকলক বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভণি কৰা হয় । উক্ত অনুষ্ঠানত SSB ৰঙিয়াৰ ডি আই জি(DIG) শ্ৰী জগদ্বীপ পাল সিং , পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা,বৈদ্যগড় গাঁও পঞ্চায়তৰ বিষয় ববীয়া সকল , ভাৰতীয় জনতা পাৰ্টি, ৰঙিয়া ব্লক মণ্ডলৰ বিষয় ববীয়া সকল আৰু দলীয় কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় আবেদনকাৰী যুৱক সকল উপস্থিত থাকে ।