ৰাইপাটৰ ২ বিধস্ত পথে আমুৱাইছে জনতাক

90

ৰাইপাটৰ ২ বিধস্ত পথে আমুৱাইছে জনতাক

দুৰ্নীতিৰ দৰ্পণ , চিৰঞ্জীৱ কলিতা , প্ৰতিবেদক , চাংসাৰি , ৯ আগষ্টঃ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপাট গাওঁৰ দুটিকৈ পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক ।এজাক বৰষুণতে বোকা গচকি আহ-যাহ কৰাটো দূৰৈৰ কথা চাইকেল , বাহনখনো উক্ত পথেৰে নিব লাগিলে সেয়া হৈ পৰে চিন্তাৰ বিষয় ।বিশেষকৈ জোৰখাটোল চুবুৰীৰ প্ৰায় ২০ ঘৰৰো অধিক লোকে বাস কৰা পথছোৱাৰ লগতে কলিতাচুবুৰীৰ ৫০ ঘৰৰো অধিক লোকে দীৰ্ঘ সময় ধৰি যমৰ যাতনা ভুগি আহিছে । সোণাপুৰ গাওঁ পঞ্চায়তেই হওঁ‌ক কিম্বা স্থানীয় বিধায়কেও আজিলৈকে উক্ত লোক সকলৰ কথা এবাৰো চিন্তা নকৰাত দুখ প্ৰকাশ কৰিছে । এইবাৰৰ নব নিৰ্বাচিত বিধায়ক দিগন্ত কলিতালৈ উক্ত পথ দুটাৰ বাসিন্দা সকলৰ আহ্বান অচিৰেই যেন পথ দুটি পকীকৰণ কৰি ৰাইজৰ যাতায়তৰ বাবে উপযোগী কৰি তোলে ।