হোজাইত দুই মানৱ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

289

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৩ আগষ্টঃ হোজাই আৰক্ষীৰ অভিযানত মুম্বাইৰ পৰা আটক কৰে হোজাইৰ দুই মানৱ সৰবৰাহকাৰীৰ লগতে উদ্ধাৰ কৰে দুই কিশোৰ শ্ৰমিকক। মায়ানগৰী মুম্বাইত হোজাই আৰক্ষী আৰু মুম্বাই চাংলী আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মানৱ সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত দুজন সদস্যক। হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত ডবকাৰ ক্ষেত্ৰ আৰক্ষী বিষয়া বিপিন বৰা সহ ৬ জনীয়া আৰক্ষীৰ এটা দলে মুম্বাইত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ডবকাৰ উদমাৰীৰ ছামছুদ্দিন আৰু লংকাৰ উদালীৰ গোলাপ হুচেইন নামৰ দুই মানৱ সৰবৰাহকাৰীক।

লগতে ধৃত দুই মানৱ সৰবৰাহকাৰীয়ে কামৰ প্ৰলোভনেৰে মুম্বাইত এটা কোঠাত বন্ধী কৰি ডবকাৰ দুই কিশোৰক দলবদ্ধ ভাৱে চলাইছিল শাৰিৰীক নিৰ্যাতন৷ কিশোৰ দুয়ো গৰাকীক দলবদ্ধ ভাৱে আক্ৰমণ কৰি চছিয়েল মেডিয়াত ভাইৰেল কৰিছিল আক্ৰমণৰ ভিডিঅ৷ ধৃত মানৱ সৰবৰাহকাৰীৰ দুই সদস্যক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাই পুনৰ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে সমগ্ৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷ আৰক্ষীৰ তদন্তত আৰু বহু যুৱক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷