এহেজাৰ টকাৰ সোৱাদৰ ইলিছ মাছ এতিয়া চুনাৰী বজাৰত দুশ টকা কিলো

117

এহেজাৰ টকাৰ সোৱাদৰ ইলিছ মাছ এতিয়া চুনাৰী বজাৰত দুশ টকা কিলো

দুৰ্নীতিৰ দৰ্পণ সেৱা, আব্দুৰ ৰহিম মণ্ডল , চুনাৰী, ১৮ অক্টোবৰ : গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত চুনাৰীত ইলিছ মাছৰ উজান ।
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বিভিন্ন বজাৰ সমূহত এতিয়া উভৈনদী হৈ পৰিছে , সোৱাদৰ ইলিছ মাছ । ইলিছ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতা ওপৰা ভিৰ । প্ৰতি বছৰৰ দৰে এই ঠিক বেলিও ব্ৰহ্মপুত্ৰ নৈত উজান উঠিছে ইলিছ মাছৰ । ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ট হ্ৰাস পোৱাৰ বাবে এনেদৰে উজান উঠিছে মাছ সমূহৰ আৰু যাৰ বাবে মাছৰ মূল্যও হ্ৰাস পোৱা দেখা গৈছে । এহেজাহৰ টকা কিলোৰ ইলিছ মাছ এতিয়া হৈছে গৈ দুশ টকাত ।
গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ চুনাৰী বজাৰত ৰাতিপুৱাই মাছ কিনিবলৈ বিভিন্ন অঞ্চলৰ পৰা ইলিছ মাছ ক্ৰয় কৰিবলৈ যথেষ্ঠ ভিৰ হোৱা পৰিলক্ষিত হৈছে । কম মূল্যত পছন্দৰ ইলিছ মাছ ক্ৰয় কৰিবলৈ পাই উৎফুল্লিত হৈছে গ্ৰাহক ।