দেশৰ শ্বেয়াৰ বজাৰ , এদিনতে বিনিয়োগকাৰীৰ সম্পত্তি ৩.৫৬ লাখ কোটি বৃদ্ধি

106

দেশৰ শ্বেয়াৰ বজাৰ , এদিনতে বিনিয়োগকাৰীৰ সম্পত্তি ৩.৫৬ লাখ কোটি বৃদ্ধি

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ, ৩১ আগষ্টঃ দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান ৷ বি এছ ই ছেনছেক্স ৭৬৫ পইণ্ট ঊর্ধ্বগামী হৈ সর্বকালৰ শিখৰত উপনীত হয় ৷ সোমবাৰে বিয়লি বজাৰ সামৰণি পৰাত বি এছ ই ছেনছেক্স ৫৬৯৫৮.২৭ হয় ৷ ঠিক তেনেদৰে এন এছ ই নিফ্টীৰো সূচাংক অভিলেখ সংখ্যকৰে বজাৰ সামৰণি পৰে ৷ সোমবাৰে পুৱা বজাৰ আৰম্ভণি হোৱাৰ লগে লগে বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফ্টীৰ পইণ্ট ঊর্ধ্বগামী হ’বলৈ ধৰে ৷ সেই ধাৰা অব্যাহত ৰাখি অভিলেখ সংখ্যক উত্থানেৰে বজাৰ সামৰণি পৰে ৷ বি এছ ই ছেনছেক্স ৫৬৯৫৮.২৭ ত সামৰণি পৰাৰ বিপৰীতে এন এছ ই নিফ্টী ১৬,৯০০ পইণ্টত সামৰণি পৰে ৷ গুৰুত্বপূর্ণ যে , আজি প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৪০ পইচা বৃদ্ধি পায় ৷ আন্তর্জাতিক বজাৰত শ্বেয়াৰৰ উত্থানৰ বাবে দেশৰ শ্বেয়াৰ বজাৰতো ইতিবাচক প্রভাৱ পৰাত বুধবাৰে দিনটোত বিনিয়োগকাৰীৰ সম্পত্তি ৩.৫৬ লাখ কোটি বৃদ্ধি পায় ৷ বুধবাৰে ছেনছেক্সৰ সর্বাধিক লাভৰ শীর্ষত ভাৰতী এয়াৰটেল আছে ৷ কোম্পানীটোৰ শ্বেয়াৰ বজাৰ ৪.৪ শতাংশ বৃদ্ধি পালে ৷ ইয়াৰ বিপৰীতে এক্সিছ বেংক,টাটা ষ্টীল,টাইটান,বাজাজ ফাইনেঞ্চ আৰু দেশৰ বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক এছ বি আইৰ ৪.১৫ শতাংশ লাভান্বিত হয় ৷ উল্লেখ্য যে , বি এছ ই তালিকাভুক্ত কোম্পানীসমূহৰ লাভ ২৪৭.৩০ লাখ কোটিলৈ উন্নীত হোৱাৰ ফলতে বিনিয়োগকাৰী আজিৰ দিনটোত ৩.৫৬ লাখ কোটিৰ সম্পত্তি বৃদ্ধি পায় ৷