ভাৰতীয় বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৬০ টকাকৈ হ্ৰাস

137

ভাৰতীয় বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৬০ টকাকৈ হ্ৰাস

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৮ আগষ্টঃ বিশ্বৰ বজাৰত সোণৰ মূল্যৰ পতনৰ বাবে ভাৰতীয় বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৬০ টকাকৈ হ্ৰাস পায় । শুক্ৰবাৰে মাল্টি কমোদিটি এক্সেঞ্জ(এম চি এক্স)ত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হয় ৪৬,৬৫১ টকা । যিটো হৈছে বিগত এমাহৰ ভিতৰত সোণৰ দামৰ ক্ষেত্ৰত আটাইতকৈ সৰ্বনিম্ন । উল্লেখযোগ্য যে , বিশ্বৰ বজাৰত সোণৰ মূল্য পূৰ্বতকৈ প্ৰায় ২ শতাংশ হ্ৰাস পাইছে , যাৰ ফলশ্ৰুতিত ভাৰতীয় বজাৰতো ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে । সোণৰ সমান্তৰালভাৱে ৰূপৰ মূল্যও হ্ৰাস পাইছে ভাৰতীয় গহণাৰ বজাৰত ।শুক্ৰবাৰে প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ২০০০ টকাকৈ হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৬৪,৯৭৫ টকা হৈছে । উল্লেখযোগ্য যে,বিশ্বজুৰি কোভিড মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত কোভিড ভেকচিন নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । কিন্তু বিশেষজ্ঞ সকলে ধাৰণা কৰা অনুসৰি কোভিড মহামাৰীৰ প্ৰকোপ কিছু হ্ৰাস পোৱাৰ পাছতে সোণৰ মূল্য পুনৰ উৰ্ধগামী হ’ব ।