মৰিগাঁৱত কবি-গীতিকাৰ বাবুল চন্দ্ৰ শৰ্মাৰ পৰিচালনাৰে “স্বিগ্ধ জোনাক” শুভমুক্তি

141
মৰিগাঁৱত কবি-গীতিকাৰ বাবুল চন্দ্ৰ শৰ্মাৰ পৰিচালনাৰে “স্বিগ্ধ জোনাক” শুভমুক্তি
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও,২৩ আগষ্ট : মৰিগাঁৱৰ কবি-গীতিকাৰ বাবুল চন্দ্ৰ শৰ্মাৰ কথা আৰু পৰিচালনাৰে উদীয়মান কণ্ঠশিল্পী পংকজ প্ৰতীমে কণ্ঠদান কৰা স্নিগ্ধ জোনাক কালি সন্ধিয়া মৰিগাঁৱত মুক্তি লাভ কৰে । ডেনিছ চহৰীয়াৰ সংগীত , শব্দ সংমিশ্ৰণে সজাই তোলা আধুনিক গীতটি মৰিগাঁৱত শুভ উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই । উদীয়মান কণ্ঠশিল্পী পংকজ প্ৰতীমে কণ্ঠ নিগৰা আৰু সুৰ কৰা গীতটো শুভ উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই কয় যে-স্নিগ্ধ জোনাকত সংগীত প্ৰেমী ৰাইজে আশা কৰাৰ দৰে গীতৰ কথাত সকলো খিনি বিচাৰি পাব । সুন্দৰকৈ কথা আৰু সুৰেৰে সজাই তোলা ৰোমান্টিক গীতটো অসমবাসীয়ে আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰে । জনপ্ৰিয় কবি ঋতুৰাজ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত অভিনেতা তথা সাংস্কৃতিক কৰ্মী পুলিন শৰ্মাই অংশ গ্ৰহণ কৰি বক্তব্যত কয় যে-স্নিগ্ধ জোনাকৰ কথা আৰু সুৰেৰে সংগীত প্ৰেমী ৰাইজক আপ্লুত কৰিব । ইউটিউবত উপলব্ধ হোৱা এই গীতটোৰ শুভ উন্মোচন অনুষ্ঠানটোত কবি- গীতিকাৰ বাবুল চন্দ্ৰ শৰ্মাই মনৰ ভাৱ ব্যক্ত কৰে । অনুষ্ঠানটোত সাংবাদিক বাবু মণি শৰ্মাকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও শিল্পী , সাংস্কৃতিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে ।