বাঘবৰৰ বালিচৰত চিনেমাৰ আৰ্হিত শ্বুটিং ত ব্যস্ত এদল যুৱক

136

বাঘবৰৰ বালিচৰত চিনেমাৰ আৰ্হিত শ্বুটিং ত ব্যস্ত এদল যুৱক

দুৰ্নীতিৰ দৰ্পণ সেৱা,স্বাহ স্বাহিন জামান আহমেদ, নগৰবেৰা, ১১ আগষ্টঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাঘবৰ আৰু পূব গোৱালপাৰাৰ সীমান্তৰ চৰত মোবাইল কেমেৰাত চিনেমাৰ আৰ্হিত শ্বুটিংত ব্যস্ত এদল যুৱক । BP Assam Boys নামৰ এটা Youtube গোষ্ঠীয়ে সম্পূৰ্ণ দাক্ষিণাত্যৰ চিনেমাৰ আৰ্হিত কৰিছে একশ্বন চিনেমাৰ শ্বুটিং । ব্ৰক্ষ্মপুত্ৰৰ বালিচাপৰিত সম্পূৰ্ণ দাক্ষিণাত্যৰ চিনেমাৰ আৰ্হিত হৈছে মোবাইল শ্বুটিং । কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনেই সাধাৰণ স্মাৰ্ট ফোনৰে চলাই গৈছে প্ৰতিটো ভিডিঅ’ ইডিটিং পৰ্যন্ত । ইতিমধ্য এই গ্ৰূপটোৱে এটা ভিডি’অ ই সমাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাত উৎফল্লিত হৈ পৰিছে যুৱকৰ দলটি । দুঃসাহসিক একশ্যনৰ পৰত আহতও হৈছে দুই-এজন , পিছে অসাধ্য সাধনৰ আনন্দত পাহৰিছে তেনে আঘাট , দুখ-ভাগৰ । দাৰিদ্ৰতাৰ দৰে প্ৰত্যাহ্বানক হাঁহিমুখে লৈ বহু আশাৰে যুৱক কেইজনে অহৰহ চলাই গৈছে দুঃসাহসিক কৰ্ম । আগলৈ নিজৰ চেনেলটো আগুৱাই নিয়াৰ শুভাশীষ বিচাৰিছে দলটিৰ প্ৰতিগৰাকী সদস্যই ।