স্বাধীনতা দিৱসত মুক্তি পাব চুটিছবি ‘স্বীকৃতি’

162

স্বাধীনতা দিৱসত মুক্তি পাব চুটিছবি ‘স্বীকৃতি’

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ, ১৩ আগষ্টঃ স্বাধীনতাৰ উদযাপন সদায় সুকীয়া । দেশৰ প্ৰতিগৰাকী জনগণে স্বাধীনতা দিৱসৰ দিনটো বিশেষ কৰি তোলে । এইবাৰো যেন তাৰ ব্যতিক্ৰম নহয় । ক’ভিড বিধি মানি স্বাধীনতা দিৱসক গীত , কবিতা , নৃত্যৰে পালন কৰিবলৈ সাজু দেশবাসী । সেই উপলক্ষে ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা ৬১ নং সোণাপুৰ গাঁও পঞ্চায়তৰ সভাগৃহত মুকলি কৰা হ’ব আৰফান আলীৰ পৰিচালনাৰে এখন নতুন অসমীয়া চুটি ছবি স্বীকৃতি-The recognition । এটি সুন্দৰ কাহিনীৰ আধাৰত নুৰ আহমেদ লস্কৰে প্ৰযোজনা কৰা চুটি ছবিখনৰ কাহিনী লিখিছে বিশিষ্ট লেখক তথা হৃদয় আলোচনীৰ সম্পাদক চফিখুৰ ৰহমানৰ । তাৰোপৰি উক্ত চুটি ছবিখনত অভিনয় কৰিছে বাপুকণ চৌধুৰীকে ধৰি বহুতো প্ৰতিভাৱান শিল্পীয়ে ।