নতুন চাপৰি সোনালী গ্ৰাম্য সংগঠনৰ উদ্যোগত ৪০০ গৰাকী লোকক কভিড ভেকছিন প্ৰদান

83

নতুন চাপৰি সোনালী গ্ৰাম্য সংগঠনৰ উদ্যোগত ৪০০ গৰাকী লোকক কভিড ভেকছিন প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা; দেৰগাঁও, ১০ আগষ্টঃনতুন চাপৰি সোনালী গ্ৰাম্য সংগঠনৰ উদ্যোগত আৰু মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত ৪০০ গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয়। বানাক্ৰান্ত অঞ্চলটিত বহু লোক কভিড ভেকছিন গ্ৰহনৰ সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অঞ্চলটোৰ অগ্ৰনী মহিলা সংগঠন নতুন চাপৰি সোনালী গ্ৰাম্য সংগঠনে এই উদ্যোগ গ্ৰহণ কৰে।ইয়াকে লৈ পুৱাৰে পৰা অঞ্চলটোৰ সোনালী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী পুতলী হাজৰিকা বৰা আৰু সম্পাদিকা মৰমী পেগুৰ নেতৃত্বত মহিলা সকলে শিৱিৰটি সজাই পৰাই তোলাত ব্যস্ত হৈ পৰে।শিৱিৰটো ফিটা কাটি উন্মোচন কৰে সোনালী গ্ৰাম্য সংগঠনৰ খণ্ড সমন্বয়ক প্ৰাঞ্জল প্ৰতিম বৰাই ।অনুষ্ঠানটিত আৰম্ভনিতে স্বাস্থ্য কৰ্মী সকলৰ লগতে উপস্থিত স্থানীয় গাঁওবুঢ়া তুলসী শইকীয়া, জীৱিকা সখী মঞ্জুলা বেগম আদি ব্যক্তি সকলক সোনালী গ্ৰাম্য সংগঠনৰ তৰফৰ পৰা গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।কভিদ প্ৰটক’লৰ মাজেৰে অতি নিয়াৰিকৈ অনুষ্ঠিত হোৱা শিৱিৰটোত ৱাৰ্ড সদস্য দ্বীজেন পাটিৰকে ধৰি গাঁওৰক্ষী বাহিনীৰ বেদান্ত বৰা, বিতুল মুদৈ, হেমন্ত দলে,প্ৰমোদ বৰা, বিক্ৰমজিৎ পেগু, প্ৰশান্ত পেগু আদি সদস্য সকলে বিশেষ ভাৱে সহযোগিতা আগবঢ়াই।উল্লেখ্য যে বয়োজেষ্ঠ আৰু শাৰীৰিক ভাৱে অক্ষম লোকক বিশেষ ভাৱে প্ৰাধান্য দিয়া শিৱিৰটোত এজন যুৱকে এগৰাকী ৯০ উৰ্ধৰ বৃদ্ধাক কোচত তুলি লৈ ভেকছিন কেন্দ্ৰলৈ নিয়াৰ দৃশ্যই সকলোৰে মন আবেগিক কৰি তোলে ।