হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ কভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন

54

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ কভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ৯ অক্টোবৰঃ সমগ্ৰ অসমৰ লগতে হোজাই জিলাতো বিশাল কভিড টীকাকৰণ অভিযান প্ৰক্ৰিয়া ক্ষীপ্ৰগতিত আগবাঢ়ি আছে । এই প্ৰক্ৰিয়াটোক আৰু অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে জিলাখনৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই উদ্দেশ্যে উপায়ুক্ত গৰাকীয়ে আজি জিলাস্থিত মৌডঙা নিগম উপ স্বাস্থ্য কেন্দ্ৰ , উদমাৰী উপ স্বাস্থ্য কেন্দ্ৰ , দীঘলজাৰ ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰকে ধৰি কেইবাটাও প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু প্ৰতিষেধক প্ৰদান পৰিস্থিতিৰ বুজ লয় ৷ তদুপৰি জিলাখনক ১০০ শতাংশ প্ৰতিষেধিত কৰাৰ স্বাৰ্থত জিলাবাসী জনসাধাৰণৰক পূর্ণ সহযোগিতা আগবঢ়াবলৈ উপায়ুক্তই অহাবান জনায় । পৰিদৰ্শন কালত উপায়ুক্তৰ সৈতে অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া,কর্মচাৰী উপস্থিত থাকে ৷