ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে মাণিকপুৰত ‘মাত্ৰু বন্দনা সপ্তাহ’ পালন

166

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে মাণিকপুৰত ‘মাত্ৰু বন্দনা সপ্তাহ’ পালন

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাণিকপুৰ, ৪ ছেপ্টেম্বৰঃ সুৰক্ষিত জননী বিকশিত ধৰণীৰ উদ্দেশ্যেৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ সমাজ কল্যাণ বিভাগ তথা সংহত শিশু উন্নয়ন প্ৰকল্পৰ জৰিয়তে ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ উপলক্ষে ১০৪৪ নং বৰবিলা প্ৰাথমিক বিদ্যালয়ত ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ ‘মাত্ৰু বন্দনা সপ্তাহ’ পালন কৰি থকা হৈছে । উক্ত অনুষ্ঠানটো শনিবাৰে বন্তি প্ৰজ্বলনেৰে শুভ উদ্ধোধন কৰে মাণিকপুৰ মহকুমা কৃষি বিষয়াই । অনুষ্ঠানত মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ হেল্থ এডুকেটৰ অমৃত ওজাই গৰ্ভৱতী মহিলা আৰু শিশু সকলৰ স্বাস্থ্য সম্পৰ্কে লবলগীয়া যত্ন সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়ায় লগতে মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া গৰাকীয়ে কয় যে , প্ৰধানমন্ত্ৰী ‘মাত্ৰু বন্দনা সপ্তাহ’নামৰ এই আঁচনিৰ বিষয়ে ৰাইজৰ মাজত জনমূখি এটা জন আন্দোলন গঢ়ি তোলাৰ লগতে হিতাধিকাৰী সকলে সু-স্বাস্থ্যৰ বাবে লবলগীয়া সাবধানতা , পাবলগীয়া সুবিধা সমূহ সহজভাৱে পোৱাৰ ব্যৱস্থা ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে । আনহাতে , শিশুৰ পৰা গৰ্ভৱতী মহিলা, প্ৰসুতি মাতৃৰ পুষ্টিহীনতাৰ পৰা প্ৰতি লক্ষ্য ৰাখি পুষ্টিকৰ খাদ্য খোৱাকে ধৰি এই ক্ষেত্ৰত লবলগীয়া সাবধানতা সম্পৰ্কে ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিভিন্ন অঞ্চলত সজাগতাৰ আয়োজন কৰি সকলোৰে শাৰিৰীক,মানসিক স্বাস্থ্য সুস্থ-সৱল তথা শক্তিশালী কৰিব পাৰি , তাৰ বাবে সংহত শিশু উন্নয়ন প্ৰকল্প বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে চেষ্টা অৱ্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে । উক্ত অনুষ্ঠানটিত উপস্থিত থাকে জিলাৰ বিভিন্ন বিভাগৰ মূৰব্বীৰ লগতে অঙ্গনাৱাদী কৰ্মী,চুপাৰভাইজাৰ,গৰ্ভৱতী মহিলা,সংবাদ কৰ্মীৰ লগতে অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি ।