আগন্তুক দুৰ্গাপূজা উপলক্ষে পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ত সভা

126

আগন্তুক দুৰ্গাপূজা উপলক্ষে পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ত সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , আলমগঞ্জৰ পৰা ইমৰান হুছেইন সেখ , ২৯ ছেপ্টেম্বৰ : আজি পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ত সমাগত দুৰ্গাপূজা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় । সভাখনত মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই পৰ্বতঝোৰা মহকুমাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’বলগীয়া পূজাসমূহৰ আয়োজক সকলক পূজা পালনৰ বিভিন্ন বিধি-ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰায় । বিশেষকৈ ক’ভিড সম্পৰ্কীয় সকলো নিয়ম যাতে আয়োজক সকলে শৃংখলাবদ্ধভাৱে পালন কৰে,তাৰ প্ৰতি মহকুমাধিপতি গৰাকীয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে । অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ পূজাত আয়োজক,স্বেচ্ছাসেৱক,পুৰোহিত আদিয়ে ভেকচিন লোৱাৰ লগতে ক’ভিড টেষ্ট কৰাটো বাধ্যতামূলক । আনকি ভক্তসকলেও দেৱী দৰ্শনৰ আগতে ভেকচিন লোৱাৰ প্ৰমাণ স্বেচ্ছাসেৱক সকলক অৱগত কৰাব লাগিব । বিসৰ্জনৰ সময়তো যাতে কোনো খেলিমেলি নহয়,তাৰ প্ৰতি আয়োজক সকলক নজৰ দিবলৈ মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায় । মহকুমাধিপতি গৰাকীয়ে সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰে । আজিৰ সভাখনত আৰক্ষী,অগ্নি নিৰ্বাপক বাহিনী,স্বাস্থ্য আদি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰি একাংশ দুৰ্গাপূজা কমিটীৰ বিষয়ববীয়াও উপস্থিত থাকে । আজিৰ সভাত উপস্থিত থকা লোকসকলৰ মাজত জনসংযোগ বিভাগৰ তৰফৰ পৰা চৰকাৰৰ এশ দিন সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰকাশিত পুস্তিকাখনো বিতৰণ কৰা হয় ।