আজিৰ নতুন প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হৈছে—বিধায়ক ৰমাকান্ত দেউৰী , মৰিগাঁৱৰ চৰাইবাহীৰ বেজবৰুৱা যুৱক সংঘৰ পুথিভঁৰালৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্ধোধন

137

আজিৰ নতুন প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হৈছে—বিধায়ক ৰমাকান্ত দেউৰী , মৰিগাঁৱৰ চৰাইবাহীৰ বেজবৰুৱা যুৱক সংঘৰ পুথিভঁৰালৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্ধোধন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২০ অক্টোবৰ : গ্ৰন্থৰ চাহিদা বৃদ্ধি পাইছে । সকলোৱে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িছে । আজিৰ উঠি অহা যুৱক যুৱতী সকল পুথিভঁৰালৰ প্ৰতি ধাউতি বাঢ়িছে । এইয়া আমাৰ বাবে এক আশাৰ বতৰা । আজি মৰিগাঁও জিলাৰ চৰাইবাহীৰ খাইগৰীয়াত স্থানীয় বেজবৰুৱা যুৱক সংঘৰ উদ্যোগত স্থাপন কৰা এক নৱনিৰ্মিত পুথিভঁৰালৰ দ্বাৰ উদ্ঘাটন কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এই মত প্ৰকাশ কৰাৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত উৎসৰ্গা কৰা এনে পুথিভঁৰালে বৃহত্তৰ চৰাইবাহী অঞ্চলৰ উন্নয়ন আৰু বিকাশ হ’ব বুলি উল্লেখ কৰে । চৰাইবাহী গাওঁ পঞ্চায়তৰ চতুৰ্থ বৃত্তিয় আয়োগৰ ৩.৫৫ লাখ টকাৰ পুঁজিয়ে নিৰ্মাণ কৰা এই পুথিভঁৰালৰ দ্বাৰা সমগ্ৰ অঞ্চলটো বিশেষ ভাৱে উপকৃত হ’ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি বিধায়ক দেউৰীৰে তেওঁৰ কাৰ্যকালত সমগ্ৰ অঞ্চলটোৰ বহু খিনি উন্নয়ন মূলক কাম কৰা বুলি উল্লেখ কৰে । বেজবৰুৱা যুৱক সংঘৰ সম্পাদক তথা সাংবাদিক মানস নাথে আঁত ধৰা নৱনিৰ্মিত বেজবৰুৱা পুথিভঁৰালৰ এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই চৰাইবাহী খাইগৰীয়াত বেজবৰুৱাৰ স্মৃতিত স্থাপন হোৱা এই পুথিভঁৰালৰ দ্বাৰা স্থানীয় ৰাইজ উৎসাহিত হোৱাৰ লগতে ইয়াৰ দ্বাৰা গ্ৰন্থ পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলিও তেওঁ মন্তব্য কৰি চৰাইবাহী গাঁও পঞ্চায়তৰ লগতে স্থানীয় বেজবৰুৱা যুৱক সংঘৰো শলাগ লয় । অনুষ্ঠানটোত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা , চৰাইবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰী কৰৱী খাটনীয়াৰ ডেকা আৰু জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাই ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানটোত মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি ৰমেশ কাকতি , সম্পাদক ব’লদেৱ নাথ প্ৰমূখ্যে অঞ্চলটোৰ ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানৰ পূৰ্বে পুৱাৰ ভাগত নৱনিৰ্মিত গৃহটিৰ ফিটা কাটি উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । ইপিনে, এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আজি দিনজোৰাকৈ শিশু আৰু যুৱক- যুৱতীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।