আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল অসম কন্যা সাগৰিকা কাকতি বৰুৱা

78

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল অসম কন্যা সাগৰিকা কাকতি বৰুৱা

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , ২৬ ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল আৰু এগৰাকী অসমীয়া জীয়ৰী । গুৱাহাটীৰ জীয়ৰী আৰু নগাঁৱৰ মাজ জাজৰিৰ বোৱাৰী সাগৰিকা কাকতি বৰুৱাই লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় ৰাণী ডুবাইৰ খিতাপ । সুদূৰ ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগীতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগৰিকাই । বৰ্তমান ডুবাইৰ প্ৰৱাসী অসমীয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰা সাগৰিকা পেছাত এগৰাকী এমিৰেটচৰ কেবিন ক্ৰ’ । সাগৰিকাৰ সৰুৰে পৰাই মডেলিঙৰ প্ৰতি আকৰ্ষিত আছিল । সেই আগ্ৰহৰ বাবেই বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ হৈও সাগৰিকাই উক্ত প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ৰাণী ডুবাইৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল । এই বঁটা গ্ৰহণ কৰি সাগৰিকাই মনৰ অনুভৱ ব্যক্ত কৰি কয় যে , বিদেশত আহি সৌন্দৰ্য প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি বিজয়ী মুকুট পৰিধান কৰাটো মোৰ সপোন আছিল । তাতোকৈ গৌৰৱান্বিত হৈছোঁ এইবাবেই যে ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগীতা খনৰ প্ৰশ্নোত্তৰ শিতানত মই অসমৰ কথা হিয়া উজাৰি ক’ব পাৰিছিলোঁ । অসমৰ লোক সংস্কৃতিৰ কথা ক’বলৈ গৈ বিহুৰ বৰ্ণনা দিওঁতেই বিচাৰকৰ পৰা মই উচ্চ প্ৰশংসা লাভ কৰিছিলোঁ আৰু দেশী-বিদেশী অগণন দৰ্শকে বিহু সম্পৰ্কে আৰু অধিক জানিবলৈ বিচৰাত মই নিজে বিহুগীত গাই , নাচি বহুত আনন্দিত হৈছিলোঁ আৰু ধন্য মানিছিলোঁ । মই বিশেষভাৱে সুখ অনুভৱ কৰিছোঁ যে , মই জীয়ৰী কালৰ পৰাই ভাবি অহা ৰেম্পট খোজ কঢ়া মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল মোৰ কণমানি জীয়ৰী আভিয়ানাও । সাগৰিকাই এই সফলতাৰ আঁৰত প্ৰেৰণা যোগোৱা স্বামী ৰূপজ্যোতি বৰুৱাক কৃতিত্ব প্ৰদান কৰাৰ লগতে পৰিয়ালবৰ্গ তথা অগণন শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে । সাগৰিকাৰ এই সাফল্যৰ খবৰে অসমৰ লগতে ভাৰতবাসীকো গৌৰীৱান্বিত কৰিছে । উল্লেখ্য যে , আমেৰিকা,অষ্ট্ৰেলিয়া, ৰাছিয়া, ইউক্ৰেনিয়ানকে ধৰি বহুকেইখন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা সৌন্দৰ্য প্ৰতিযোগীতা খনৰ প্ৰথম ৰানাৰ আপ আছিল ৰাজস্থানৰ কীৰ্তি উপাধ্যায় আৰু দ্বিতীয় ৰানাৰ আপৰ খিতাপ অৰ্জন কৰিছিল বিহাৰৰ প্ৰিয়া সিঙে ।