আমছুৰ কয়াকুছি আঞ্চলিক সমিতি গঠন

92

আমছুৰ কয়াকুছি আঞ্চলিক সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ , আব্দুল জলিল , ২৪ অক্টোবৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিত আমছুৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে কয়াকুছি আঞ্চলিক আমছুৰ সদ্য প্ৰাক্তন সভাপতি শ্বৰিফুল ইছলামে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বাবুল আলীয়ে । সভাত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সদস্য তোতা মিয়া, বৰপেটা জিলা আমছুৰ উপ সভাপতি ৰহিদুল শিকদাৰ , বৰপেটা জিলা আমছুৰ সহকাৰী সম্পাদকদ্বয় সাজিদুল হক,সাহাদত হুছেইনকে আদি কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । উক্ত সভাত নতুন কাৰ্যকৰী সমিতি গঠন কৰা হয় ।নতুন কাৰ্যকৰী সমিতিৰ মুখ্য উপদেষ্টা হিচাপে শ্বৰিফুল ইছলাম সভাপতি হিচাপে শ্বাহ আলম খলিফা আৰু সম্পাদক হিচাপে ক্ৰমে বাবুল আলী,আজিজুৰ ৰহমান,উপ-সভাপতি সাহিল ভুঞা,মোৱাজ্জেম আলী, কাৰ্যকৰী সভাপতি মোকাজ্জেল হক, মুখ্য সাংগঠনিক সম্পাদক ৰফিকুল ইছলাম,প্ৰচাৰ সম্পাদক মজনুৰ আলী ,সাংস্কৃতিক সম্পাদক ছানিদুল ভুঞাকে আদি কৰি মুঠ ৪১জনীয়া সমিতি গঠন কৰে।