আলোপতি ছাত্র সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণী

115

আলোপতি ছাত্র সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণী

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ১৮ অক্টোবৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী আলোপতি ড০ জাকিৰ হুছাইন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত ৰবিবাৰে দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ এক উল্লেখযোগ্য ছাত্র সংগঠন আলোপতি ছাত্র সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণী কৰা হয়। দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ এক উল্লেখযোগ্য ছাত্ৰ সংগঠন হ’ল আলোপতি ছাত্ৰ সন্থা৷জানিব পৰা মতে বৃহত্তৰ আলোপতি অঞ্চলৰ সামাজিক উন্নয়নৰ সংগ্রামী ঐক্য মঞ্চ আলোপতি ছাত্র সন্থাই ইয়াৰ যাত্রাপথত ইতিমধ্যো বৰ্ণিলময় ৫৩ টি বছৰ অতিক্রম কৰিছে।ইয়াৰ গৌৰৱোজ্বল অতিতৰ সৈতে প্ৰস্ফুটিত বৰ্তমানৰ মহামিলন ঘটাই অংকুৰণ হব ধৰা সেউজীয়া ভৱিষ্যত আদৰিবলৈ আলোপতিবাসীয়ে অহা ২২,২৩,২৪,২৫ আৰু ২৬ ডিচেম্বৰ ২০২১ ইং তাৰিখে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আলোপতি ছাত্র সন্থাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ মনস্ত কৰিছে। ১৯৬৮ চনত স্থাপিত আলোপতি ছাত্ৰ সন্থাই আজি গৌৰৱোজ্বলতাৰে অতিক্ৰম কৰিলে ৫৩ বছৰ৷সেই উপলক্ষে পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন কৰিছে ছাত্ৰ সংগঠনটোৱে । ৰবিবাৰে পুৱাই পতাকা উত্তোলন, বৃক্ষ ৰোপন আদি কাৰ্যসূচীৰে শুভাৰম্ভনী কৰা হয় অনুষ্ঠানৰ৷আনহাতে সন্থাৰ ন-পুৰণি বিষয়ববীয়া সকলৰ উপস্থিতত ‘একতা দৌৰ’ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ইয়াৰ পিছতে উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে সন্থাৰ সভাপতি হান্নানুল আহমেদে৷সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকে সোণালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰশিদ মণ্ডল৷আনহাতে সোণালী জয়ন্তী মহোৎসৱৰ ‘লাইখুঁটা’ স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ লাই খুঁটা স্থাপন কৰে আলোপতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ছুলতান আহমেদ৷আলোপতি ছাত্ৰ সন্থাৰ সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি অৱসৰ প্ৰাপ্ত অধ্যক্ষ এম আব্দুল মজিদৰ “বিচাৰ লাগে” নামৰ গল্প সংকলনটো দৈনিক গন অধিকাৰ কাকতৰ মূখ্য সম্পাদক খবিৰ আহমেদে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে।