ইছৰোৰ সফলতা , মহাকাশত সাত বছৰ সম্পূৰ্ণ মঙগলযানৰ

55

ইছৰোৰ সফলতা , মহাকাশত সাত বছৰ সম্পূৰ্ণ মঙগলযানৰ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৭ ছেপ্টেম্বৰঃ ইছৰোৰ মঙলযানে মহাকাশত সাত বছৰ সম্পূর্ণ কৰিলে ৷ নিক্ষেপণৰ পূর্বে মাত্র ছমাহৰ জীৱন কালেৰে প্রস্তুত কৰা মঙলযানৰ এই বিৰল কৃতিত্বক লৈ উৎফুল্লিত ইছৰোৰ বিজ্ঞানীসকল ৷ মঙলযান অভিযানৰ সময়ত ইছৰোৰ দায়িত্বত থকা কে ৰাধাকৃষ্ণনে আজি সংবাদ মাধ্যমৰ আগত মঙলযানৰ এই ঐতিহাসিক সফলতা সন্দর্ভত মন্তব্য প্রকাশ কৰি অত্যন্ত সন্তুষ্টি অনুভৱ কৰে ৷ উল্লেখ্য যে , ইছৰোৰ দ্বাৰা প্রথম মঙল অভিযান ২০১৩ চনৰ ৫ নৱেম্বৰত আৰম্ভ হৈছিল আৰু প্রায় এবছৰৰ ভিতৰত ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰত প্রথম প্রয়াসতে মঙলৰ কক্ষপথত সফলতাৰে প্রৱেশ কৰিবলৈ সক্ষম হৈছিল ৷ তেতিয়াৰে পৰা মঙলক প্রদক্ষিণ কৰি থকা মঙলযানে সাত বছৰ সম্পূর্ণ কৰিলে ৷ মঙলৰ কক্ষপথত প্রদক্ষিণ কৰি থকা মঙলযান সন্দর্ভত অভিযান সঞ্চালক এম আন্নাদোৰাই কয় যে , কক্ষপথত প্রদক্ষিণ কৰি থকা মঙলযানখনৰ কিছু কিছু বিষয়ত দুর্বলতা আহি পৰিছে ৷ তেনেদৰে কিছুমান অংশ অধিক দুর্বল হৈ পৰিছে ৷ তথাপিতো এই যানখনে সঠিকভাৱেই কক্ষপথত প্রদক্ষিণ কৰি আছে ৷ তেওঁ এই কথা স্পষ্ট কৰি দিয়ে যে , মঙলযানে হয়তো আৰু এবছৰ সঠিকভাৱেই কক্ষপথত ঘূৰি থাকিব পাৰিব ৷ লক্ষণীয় যে , পৃথিৱীৰ পৰা নিয়ন্ত্রণ কৰি থকা কৃত্রিম উপগ্রহসমূহৰ জীৱনকাল ৭ ৰ পৰা ৯ বছৰলৈ থাকে৷ মঙলত চলি থকা ইছৰোৰ যানখনো দীর্ঘদিন ধৰি চলি থকাটো এক আশাপ্রদ খবৰ ৷