এডুকেশ্বন মিশ্বন উপলক্ষে নীলবাগানত শিক্ষাৰ ওপৰত আলোচনা চক্ৰ যমুনামুখৰ বিধায়কৰ

119

এডুকেশ্বন মিশ্বন উপলক্ষে নীলবাগানত শিক্ষাৰ ওপৰত আলোচনা চক্ৰ যমুনামুখৰ বিধায়কৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ১০ ছেপ্টেম্বৰঃ শিক্ষাৰ উদ্দেশ্য আগত ৰাখি যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে যমুনামুখত ছিৰাজুদ্দিন আজমল এডুকেশ্বন মিশ্বন-২০২১ সমষ্টিৰ চোকে-কোণে আৰম্ভ কৰিছে ৷ হোজাই জিলাৰ নীলবাগানস্থিত হাজী আজমল আলী কলেজত এখন শৈক্ষিক সজাগতামূলক আলোচনা চক্ৰ ও ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ আহ্বানত আৰু তেখেতৰ উপস্থিতিত যমুনামুখ সমষ্টিৰ মহল্লা ভিত্তিত শিক্ষাৰ জাগৰণ আৰু উন্নতিৰ কাৰণে আলোচনা চক্ৰ ও পৰামৰ্শ সভা অনুষ্ঠিত হৈ যায় ৷ ছিৰাজুদ্দিন আজমল এডুকেশ্বন মিছন সম্বনয়ক গিয়াছ উদ্দিনে আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমাজ কৰ্মী আকবৰ আলীয়ে ৷ সভাত বিধায়ক ছিৰাজুদ্দিন আজমলে ভাষণ প্ৰসংগত কয়-মোৰ উদ্দেশ্যে হৈছে মই প্ৰতিনিধিত্ব কৰা সমষ্টিৰ যুৱক-যুৱতী সকলক শিক্ষিত কৰা , শিক্ষাৰ উন্নতি নহলে সমাজ এখনৰ সৰ্বতো প্ৰকাৰে উন্নতি অসম্ভৱ, সেয়েহে মই এই মিছন আৰম্ভ কৰিছো আৰু মোৰ এই শৈক্ষিক যাত্ৰাত আজমল ফাউণ্ডেচন, মৰ্কজুল মা-আৰিফৰ লগতে শিক্ষাবিদ সকলে সহায়-সহযোগ কৰি যাব বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয়- এজন মানুহে নিজৰ মাতৃভাষা যিধৰে কব পাৰে , ঠিক তেনেধৰে অসমীয়া আৰু ইংৰাজী ভাষাত শুদ্ধকৈ কথা কবলৈ হলে এতিয়াৰে পৰা শিক্ষাৰ সজাগতা গাঁৱে গাঁৱে , মহল্লায় মহল্লায় কৰিব লাগিব ৷ তেওঁ লগতে কয়- শিক্ষা,স্বাস্থ্য, যাতায়াত, খোৱাপানী আদি সকলো দিশতে সমষ্টিবাসীৰ উন্নতি হ’ব ৷ ৰাজ্যৰ বিভাগীয় মন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হৈ সমষ্টিৰ সৰ্বতো প্ৰকাৰৰ উন্নতি কৰাৰ কথা প্ৰকাশ কৰে বিধায়ক আজমলে ৷ সভাত আজমল ফাউণ্ডেচনৰ সঞ্চালক ডাঃ খচৰুল ইছলামে কয়- শিক্ষাৰ সামগ্ৰীক উন্নতিৰ কাৰণে যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে তেওঁ বিশেষ পদক্ষেপ হাতত লৈছে যমুনামুখ সমষ্টিখন শিক্ষাৰ দিশত এখন আদৰ্শ সমষ্টি হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰিছে ৷ সভাত মৰ্কজৰ সভাপতি ডাঃ ছামচুল হক চৌধুৰীয় শৈক্ষিক দিশৰ উপৰত তথ্য গধুৰ বক্তব্য প্ৰদান কৰে ৷ উক্ত সভাত সমাজ কৰ্মী আনোৱাৰ হুছেইনৰ লগতে বহুকেইজন অৱসৰ প্ৰাপ্ত শিক্ষক উপস্থিত থাকি পৰামৰ্শ আগবঢ়ায় ৷ সমষ্টিৰ প্ৰায় পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰা এই সভাখনত হোজাই জিলাৰ বহু কেইগৰাকী শিক্ষাবিদ তথা বিশিষ্ট ব্যক্তি আৰু মছজিদৰ ইমামসকলৰ লগতে মছজিদ পৰিচালনা কমিটিৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে ৷ উল্লেখ্য যে, বিধায়ক ছিৰাজুদ্দিন আজমলে শিক্ষাৰ কাৰণে লোৱা পদক্ষেপক সমষ্টিৰ সচেতন মহলে প্ৰশংসা কৰে আৰু যমুনামুখ সমষ্টি অসমৰ ভিতৰত এখন আদৰ্শ সমষ্টি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উপস্থিত সকলোৱে সহযোগীতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷