কিষাণ মৰ্চাৰ উদ্যোগত ভৱানীপুৰত কাতি বিহু উদযাপন

89

কিষাণ মৰ্চাৰ উদ্যোগত ভৱানীপুৰত কাতি বিহু উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ, ১৮ অক্টোবৰঃ আজি কাতি বিহু । ৰাজ্যত প্ৰতিবেলিৰ দৰে এইবেলিও উদযাপন কৰা দেখা গৈছে কাতি বিহু । ভৱানীপুৰতো ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত বজালী জিলা কিষাণ মৰ্চাৰ সহযোগত কাতি বিহু উদযাপন কৰা হয় । অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা , নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা,পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অতিথি হিচাপে উপস্থিত থাকে। লগতে উপস্থিত থাকে কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰ,কিষাণ মৰ্চাৰ ৰাজ্যিক সদস্য ক্ৰমেঃ অনুৰাগ চলিহা , হৰদ্বীপ চৌধুৰী,প্ৰিয়ংকা কলিতা , দিনেশ দাস , সহকাৰী কোষাধ্যক্ষ খনীন্দ্ৰ কলিতা,বজালী জিলা সভাপতি গণেশ কলিতাই উপস্থিত থাকি চাকি বন্তি জ্বলায় কাতি বিহু উদযাপন কৰে ।