গাৰ্গী ভূঞাৰ কাব্য সংকলন উন্মোচন

88

গাৰ্গী ভূঞাৰ কাব্য সংকলন উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা, পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,১১ছেপ্টেম্বৰ: যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত কবি গাৰ্গী ভূঞাৰ নৱতম কাব্য সংকলন “বাখৰু” কালি দেৰগাঁৱৰ আজাদ পুস্তকালয়ত কবি নীলমণি ফুকনদেৱৰ ৮৯ সংখ্যক ওপজা দিনৰ অনুষ্ঠানত বিশিষ্ট সাহিত্য সমালোচক ,কবি ৰাজীৱ বৰাই উন্মোচন কৰে ৷ উল্লেখ্য যে , নৱ প্ৰজন্মৰ প্ৰতিভাৱান কবি গাৰ্গী ভূঞাৰ কবিতা অসমৰ প্ৰায়বোৰ আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ হোৱাৰ উপৰিও ইংৰাজী,হিন্দী,বাংলা,ভোজপুৰী আদি ভাষালৈও অনুবাদ হৈছে ৷